Site icon Guwahati Times

বাদামেৰে দিনটোৰ আৰম্ভণি কৰক ডায়েবেটিছ ৰোগীসকলে

এয়া সকলোৱে জানে যে বাদাম খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। বাদামত কেৱল ভিটামিন বা খনিজ পদাৰ্থৰ লগতে অমেগা-৩ ফেটি এচিডও পোৱা যায়। যেতিয়া মানুহে ইয়াক খায়, ই কেৱল কলেষ্টেৰল হ্ৰাস কৰাত সহায় নকৰে, বৰঞ্চ ই বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। বিশেষকৈ ডায়েবেটিছ ৰোগীসকলেও বাদমেৰে দিনটোৰ আৰম্ভণি কৰিব পাৰে।

• তিয়াই থোৱা বাদাম খোৱাৰ লাভালাভঃ

~ ছালৰ বাবে উপকাৰী

আখৰোট আৰু কাঠবাদামে মুক্ত ৰেডিকেল আঁতৰ কৰাত সহায় কৰে, লগতে বাদামৰ পৰা পোৱা পুষ্টিবোৰে কোষবোৰক ক্ষতি হোৱাৰ পৰা সুৰক্ষিত কৰে। লগতে, তিয়াই থোৱা বাদামেৰেও দিনটোৰ আৰম্ভণি কৰিব পাৰে, ই স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী।

~ ডায়েবেটিছ

ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ দিনটোৰ আৰম্ভণি তিয়াই থোৱা বাদামেৰে আৰম্ভ কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে ই চেনীস্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

~ ওজন হ্ৰাস

যদি কোনোবাই স্বাস্থ্যকৰ ভাৱে ওজন হ্ৰাস কৰিব বিচাৰে, তেনেহ’লে তেএঁ দিনটো তিয়াই থোৱা বাদামেৰে আৰম্ভ কৰা উচিত। এনে কৰাৰ দ্বাৰা সহজে শৰীৰৰ ওজন হ্ৰাস কৰিব পাৰিব।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Exit mobile version