হাগ্রামাৰ দলত যোগদান দুর্গা দাস বড়োৰ

1 min read

কংগ্রেছ দলৰ পৰা বি পি এফ দলত যোগদান কৰাৰ পাঁচ মিনিটৰ পাছতেই প্রার্থিত্ব লাভ কৰা সৌভাগ্যৱান প্রার্থী হিচাপে পৰিগণিত হ’ল দুর্গা দাস বড়ো৷ কংগ্রেছ দলৰ প্রাক্তন মুখপাত্র দুর্গা দাস বড়োৱে সোমবাৰে কোকৰাঝাৰস্থিত বি পি এফৰ মুখ্য কার্যালয়ত সংবাদ মেলৰ সময়ত আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰাৰ খন্তেক সময় পাছতেই প্রার্থী হিচাপে নাম ঘোষণা কৰে বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে৷ কংগ্রেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র দুর্গা দাস বডোক কলাইগাঁও সমষ্টিত দলীয় প্রার্থিত্ব প্রদান কৰাৰ লগতে বি পি এফৰ মুখপাত্র হিচাপে দায়িত্ব অর্পণ কৰে৷ সংবাদ মেলত হাগ্রামা মহিলাৰীয়ে আজি কলাইগাঁও সমষ্টিৰ বি পি এফৰ বিধায়ক মহেশ্বৰ বডোৰ সলনি দুর্গা দাস বডো, পানেৰী সমষ্টিৰ বি পি এফৰ বিধায়িকা কমলী বসুমতাৰীৰ সলনি কৰুণাকান্ত স্বর্গীয়াৰী, ওদালগুৰিত ৰিহণ দৈমাৰী আৰু মাজবাটত চৰণ বডোক আজি দলীয় প্রার্থী হিচাপে ঘোষণা কৰে৷

কোকৰাঝাৰ চহৰস্থিত বি পি এফৰ কেন্দ্রীয় কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে দলৰ প্রথম পর্যায়ৰ চাৰিজনীয়া প্রার্থীৰ তালিকাখন ঘোষণা কৰে৷ বি পি এফৰ প্রার্থী তালিকা ঘোষণা কৰি হাগ্রামা মহিলাৰীয়ে মহাজোঁটে কমেও ৭০খন আসন লাভ কৰিবই বুলি দাবী কৰি পাটাছাৰকুছি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস পৰাজিত হ’ব বুলি মন্তব্য কৰি মাজুলী সমষ্টিৰ পৰা নির্বাচন খেলিলেও ৰঞ্জিত দাস জিকিব নোৱাৰে বুলি মন্তব্য কৰে৷ বিজেপিক অসমৰ পৰা উৎখাত কৰি মহাজোঁটৰ চৰকাৰ গঠনৰ লক্ষ্যৰে এইবেলি নির্বাচনত অৱতীর্ণ হ’ব বুলি দাবী কৰি হাগ্রামা মহিলাৰীয়ে মহাজোঁটে কমেও ৭০খন আসন লাভ কৰিব বুলি দাবী কৰিছে হাগ্রামা মহিলাৰীয়ে৷ অখিল গগৈক বি পি এফে সমর্থন জনাব নেকি বুলি সাংবাদিকে সোধা এক প্রশ্ণোত্তৰত অখিল গগৈক আমি বেয়া নাপাওঁ বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে হাগ্রামা মহিলাৰীয়ে৷ উল্লেখ্য যে বি পি এফে আজি ঘোষণা কৰা চাৰিজনীয়া প্রার্থীৰ তালিকাত দলটোৰ বর্তমানৰ দুজন বিধায়ক ক্রমে কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বডো আৰু পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী বঞ্চিত হ’বলগীয়া হয়৷
ইউপিপিএলৰ প্রথম পর্যায়ৰ প্রর্থীৰ তালিকা ঘোষণা
কোকৰাঝাৰ চহৰস্থিত ইউ পি পি এলৰ দলীয় কার্যালয়ত সোমবাৰে বিয়লি আয়োজিত এখন সংবাদ মেলত ইউ পি পি এলৰ কেন্দ্রীয় কার্যকৰী সভাপতি ৰণগৌৰা নার্জাৰীয়ে দলৰ প্রথম পর্যায়ত দুজনীয়া প্রার্থীৰ তালিকা ঘোঘণা কৰে৷ সেই অনুসৰি ওদালগুৰি জিলাৰ জনজাতিৰ বাবে সংৰক্ষিত ৬৯নং ওদালগুৰি বিধানসভা সমষ্টিত ইউ পি পি এল দলৰ উপ–সভাপতি তথা বি টি আৰৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰীক প্রার্থী ৰূপে প্রক্ষেপ কৰিছে৷ আনহাতে, ওদালগুৰি জিলাৰে ৭০নং মাজবাট বিধানসভা সমষ্টিত ইউ পি পি এলৰ সম্পাদক তথা এবছুৰ প্রাক্তন নেতা ৰতেন্দ্র দৈমাৰীক প্রার্থী ৰূপে প্রক্ষেপ কৰিছে৷ এই দুয়োটা সমষ্টিতে দ্বিতীয় পর্যিয়ত অর্থাৎ ১ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’ব৷ বি টি আৰ এলেকাৰ মুঠ ৮টা সমষ্টিত ইউ পি পি এল দলে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি সংবাদ মেলত সদৰী কৰি ৰণগৌৰা নার্জাৰীয়ে বাকী সমষ্টিৰ প্রার্থীৰ তালিকা পর্যায়ক্রমে ঘোষণা কৰা হ’ব বুলি সদৰী কৰে৷ সংবাদ মেলত ইউ পি পি এলৰ উপ–সভাপতি আফজল হক সৰকাৰ, সাধাৰণ সম্পাদক মাউথি ব্রহ্ম হাজোৱাৰী আৰু সম্পাদক জ্যোতি ইন্দ্র ব্রহ্ম উপস্থিত থাকে৷
Source- Niyomiyabarta

You May Also Like

More From Author