Site icon Guwahati Times

কোনো ছাত্র-ছাত্রী বিনামূলীয়া পাঠ্যপুথিৰ পৰা বঞ্চিত হ’লে শিক্ষা মন্ত্ৰীৰে যোগাযোগৰ আহ্বান

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কোনো ছাত্র-ছাত্রী শিক্ষা বিভাগে বিতৰণ কৰা বিনামূলীয়া পাঠ্যপুথিৰ পৰা বঞ্চিত হ’লে পোনপটীয়াকৈ তেওঁক জনাবলৈ আহ্বান জনাইছে। ছাত্র-ছাত্রীয়ে পাঠ্যপুথি লাভ কৰিছে নে নাই সেই দিশটো পিতৃ-মাতৃৰ লগতে সমাজ তথা বিদ্যালয় কর্তৃপক্ষই পর্যবেক্ষণ কৰা উচিত বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শনিবাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বোন্দাত থকা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কেন্দ্ৰীয় ভঁৰালগৃহত ২০২৩-২৪ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণৰ শুভাৰম্ভ কৰি এইদৰে কয়। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে,নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগে আগে ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া পাঠ্যপুথি লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰচেষ্টা গ্রহণ কৰা হৈছে। শিক্ষা বিভাগৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত বিদ্যালয়সমূহত গুণগত শিক্ষা প্ৰদানৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে বুলিও তেওঁ কয়। আনহাতে শিক্ষা বিভাগৰ উদ্যোগত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ মানৰ লগতে আন্তঃগাঁথনিৰ দিশসমূহো পৰীক্ষা কৰা হৈছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথি ইংৰাজী ভাষাত যোগান ধৰা হৈছে। অৱেশ্য কোনো বিদ্যালয়ৰ ইংৰাজী ভাষাত এই দুটা বিষয়ৰ পাঠদানত সমস্যাৰ সৃষ্টি হ’লে বিদ্যালয় পৰিদৰ্শনৰ সৈতে আলোচনা কৰা অসমীয়া ভাষাতো এই দুটা বিষয় পঢ়াব পাৰিব।
শনিবাৰৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ এই বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ জৰিয়তে ৰাজ্যৰ ৬০ লাখ ৪০ হাজাৰৰো অধিক শিক্ষাৰ্থীৰ বাবে ১৯টা ভাষাত ৮টা মাধ্যমৰ বাবে ৩ কোটি ৫ লাখ পাঠ্যপুথি যোগান ধৰা হ’ব।
Exit mobile version