Site icon Guwahati Times

উচ্চ মাধ্যমিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাকলৈ শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ইংগিত, পঢ়ি জানি লওক

‘ক’ৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ তথা স্বভাৱিক হ’লেই অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ। পদক্ষেপ গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগ সষ্টম হৈ আছে’- এই গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ।

ছেবাৰ কাৰ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয়-ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম। পৰীক্ষা বাতিল কৰিলেই সমস্যা সমাধান নহয়। একাংশৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নম্বৰ গুৰুত্বপূৰ্ণ নহয় যদিও অধিকাংশৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। তেনে ছাত্ৰ-ছাত্ৰীৰ পক্ষত থাকি সিদ্ধান্ত লোৱা হ’ব’।

ৰাজ্যিক পৰ্যায়ত যিসকল ছাত্ৰ- ছাত্ৰীয়ে নিজকে নিয়োজিত কৰিব বিচাৰে তেওঁলোকৰ বাবে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ অতিকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয়- পৰম্পৰাগত ভাৱে অনুষ্ঠিত নহ’ব পাৰে পৰীক্ষা।পৰীক্ষাৰ পদ্ধতি নিৰ্ধাৰণ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব।বিষয় বা সময় সংকুচিত হ’ব পাৰে বুলিও পেগুৱে এক ইংগিত প্ৰদান কৰে।

ছেবা আৰু ইয়ং ইণ্ডিয়া ক্লাৱে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা অন্‌লাইন কুইজ অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী পেগুৱে অসমৰ পৰা সোনকালে ক’ৰ’না নাযায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখ্য যে, বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱা প্ৰমুখ্যে শিক্ষা বিভাগৰ শীর্ষবিষয়া সকল।

Exit mobile version