Site icon Guwahati Times

ডিমৰ খোলা কি পেলাই দিয়ে নেকি? ইয়াৰ উপকাৰিতা জানিলে অবাক হৈ পৰিব আপুনি…

ডিমৰ খোলা আমি সকলোৱেই কুহুমটো উলিয়াই দিয়াৰ পাছত পেলাই দিও। কিন্তু এই ডিমৰ খোলাৰ মাজতে আছে এনে কিছুমান গুণ যাৰ কথা জানিলে আচৰিত হ’ব আপুনি!
ডিমৰ খোলা খুবেই কার্যকৰী সামগ্ৰী। ৰূপচর্চাৰ পৰা গৃহস্থলীৰ নানা কামলৈকে ডিমৰ পেলনীয়া খোলা ব্যৱহাৰ কৰিব পৰা যায়।

  • কফিৰ সোৱাদৰ তিতা ভাব আতৰাবলৈ ডিমৰ খোলাৰ গুৰি কৰি মিশ্ৰণ কৰিলে নোহোৱা হয়।
  • ডিমৰ বগা অংশৰ সৈত দুটা ডিমৰ খোলা ভালকৈ গুৰি কৰি মিশ্ৰণ কৰি ১৫ মিনিটমান সময় মুখমণ্ডলত লগাই ৰাখক। তাৰপাছত কুহুমিয়া পানী দি ধুই দিয়ক। এনেদৰে সপ্তাহত দুবাৰকৈ মুখত লগালে মুখৰ উজ্জ্বলতা পুনৰ আহিব।
  • বাৰীত গছত পোকৰ উপদ্রব বাঢ়িলে, গছৰ গুৰিত ডিমৰ খোলাৰ গুৰি কৰি ছটিয়ালেও পোকৰ উপদ্ৰৱ হ্ৰাস পাব। লগতে ডিমৰ খোলাত থকা কেলছিয়ামো গছৰ স্বাস্থ্যৰ বাবে যথেষ্ট ভাল।
  • বাচন মজাৰ কামত ডিমৰ খোলা ব্যৱহাৰ কৰিব পৰা যায়। বাচনত থকা তেল আৰু পোড়া দাগসমূহ সহজে উঠি যাব।
  • ভিনিগাৰৰ সৈতে ডিমৰ খোলা মিশ্ৰণ কৰি কিছুদিনৰ বাবে থৈ দিলে দেখা যাব দুয়োবিধ সামগ্ৰী একেবাৰে মিহলি হৈ গৈছে। যেতিয়া কোনো ঠাইত আঘাত বা দুখ পোৱা যায়, তেতিয়া সেই মিশ্ৰণটো সেই ঠাইত লগাই মালিছ কৰিলে বিষ উপসম হ’ব।
Exit mobile version