Site icon Guwahati Times

কণী আগত নে কুকুৰা আগত গৱেষকসকলে কি কয় !

কণীটো প্ৰথমে আহিছিল নে কুকুৰাটো আহিছিল সেই সন্দৰ্ভত জল্পনা-কল্পনা চলি আহিছে। কিন্তু ইয়াৰ সমাধান কোনেও দিব পৰা নাই। কিন্তু বিজ্ঞানীসকলে ইয়াতেই ক্ষান্ত নাথাকিল। শেষত গৱেষকসকলে কণী আগত নে কুকুৰা সেই উত্তৰ দিলে।

আমেৰিকাত কৰা এক অধ্যয়নৰ মতে কোন প্ৰথমে আহিছিল, কুকুৰা নে কণী ? এন পি আৰ নামৰ এটা আমেৰিকান ৱেবচাইটে এই যুগ যুগ ধৰি চলি অহা জল্পনা-কল্পনা উত্তৰ প্ৰকাশ কৰিছে। আৰু সেয়া দীৰ্ঘম্যাদী গৱেষণাৰ ফল। আমেৰিকাৰ সাংবাদিক ৰবাৰ্ট ক্ৰুলৱিচে কেইবাবছৰ ধৰি এই বিষয়ে গৱেষণা কৰি আহিছে।

সেই ৱেবচাইটটোৰ মতে, বহু বছৰ আগতে পৃথিৱীত এটা ডাঙৰ চৰাই আছিল যিটো কুকুৰাৰ দৰে দেখা গৈছিল। কুকুৰাটোৰ জিনীয়ভাৱে সেই চৰাইটোৰ সৈতে মিল আছিল। কিন্তু সেইটো কুকুৰা নাছিল।

বিজ্ঞানীসকলৰ মতে ই আছিল এক প্ৰকাৰৰ ‘প্ৰ’ট’-চিকেন’। সেই চৰাইটোৱে এটা কণী পাৰিলে। কুকুৰাৰ মতা সংগীয়ে সেই কণীটোত কিছু নতুন বৈশিষ্ট্য সংযোজন কৰে। তাৰ পিছত সেই কণীটোত আৰু কিছু পৰিৱৰ্তন ঘটে। সেই পৰিৱৰ্তন সেই সময়ৰ মতা বা মাইকী কুকুৰাৰ জিনতকৈ একেবাৰে পৃথক।

বিজ্ঞানীসকলে দাবী কৰিছে যে সেই কণীৰ পৰা ওলোৱা নতুন প্ৰজাতিৰ চৰাই আজিৰ মূল কুকুৰা। তেতিয়াৰ পৰা কেইবা হাজাৰ বছৰৰ ভিতৰত পৃথিৱীৰ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ কুকুৰাটোৱে বহু পৰিৱৰ্তন সাধন কৰিছে। হয়তো সেই কুকুৰাটো আৰু আজিৰ কুকুৰাটোৰ মাজত বহুত পাৰ্থক্য আছে।

কিন্তু কণীটোত হোৱা মিউটেচনৰ ফলত মূল কুকুৰাটোৰ জন্ম হৈছিল। অৰ্থাৎ সেই কণীটোৰ আগতে কুকুৰা নাছিল। অৰ্থাৎ কণীটো প্ৰথমে আহিছিল, কুকুৰাটো পিছত আহিল।

Exit mobile version