Site icon Guwahati Times

বেঙেনাৰ উপকাৰী গুণ জানিলে অবাক হৈ যাব!

কেতিয়াবা ভর্তা হিচাবে, কেতিয়াবা ভাজি বা কেতিয়াবা তৰকাৰি কৰি, সকলোৰে লগতেই বেঙেনাৰ জুতি মিলি যায়। গৰম ভাত আৰু বেঙেনা ভাজি সকলোৰেই প্রিয় খাদ্য। অৱশ্যে যিসকলৰ এলার্জি আছে তেওঁলোকে বেঙেনাৰ পৰা দূৰত থকাই ভাল।

পাচলি জগতৰ ৰজা হিচাবে পৰিচিত বেঙেনাই পাবলগীয়া কদৰ নাপালেও গুণত কিন্তু ইয়াক অৱহেলা কৰা সম্ভৱ নহয়। আচলতে এই পাচলিৰে বানোৱা যিকোনো উপকৰণ খাবলৈ যিমন সুস্বাদু, সিমানেই শৰীৰতো যথেষ্ট উপকাৰ সাধন কৰে। বিজ্ঞানীসকলৰ মতে, সপ্তাহত যদি মাত্র এদিন বেঙেনা খোৱা যায়, তেতিয়াহ’লে শৰীৰৰ বাবে আন কোনো চিন্তাই নাথাকে।

১। কেন্সাৰ প্রতিৰোধ কৰে :

ফাইবাৰ আৰু এন্টিঅক্সিডেন্টেৰে পৰিপূর্ণ এই পাচলিবিধ মাজে মাজে খালে শৰীৰত টক্সিক উপাদানৰ মাত্রা কমাবলৈ আৰম্ভ কৰে। তাৰ লগতে কেন্সাৰ চেলৰ জন্ম হোৱাৰ সম্ভাৱনাও কমে। ফলত স্বাভাৱিকভাবেই এই মাৰণ ৰোগে গা ঘঁহাবও নোৱাৰে। প্রসঙ্গত উল্লেখ্য, ফাইবাৰে মূলত কোলন কেন্সাৰ প্রতিৰোধত বিশেষ ভূমিকা পালন কৰি থাকে। যিয়ে এন্টিঅক্সিডেন্ট কোষবোৰৰ ক্ষত ভাল কৰি সামগ্রিকভাবে শৰীৰক তজবজীয়া কৰি তোলে।
২। ওজন কমোৱাত সহায় কৰে :

ওজন কমোৱাত কিন্তু যথেষ্ট সহায় কৰে বেঙেনাই। আচলতে এই পাচলিত থকা ফাইবাৰে বহু ক্ষণ পর্যন্ত পেট ভৰাই ৰাখে। ফলত বাৰে বাৰে খোৱাৰ অভ্যাস কমিবলৈ আৰম্ভ কৰে। একাধিক গৱেষণাত দেখা গৈছে ১০০ গ্রাম বেঙেনাত মাত্র ২৫ কেলৰি থাকে। এই পৰিমাণৰ কেলৰি শৰীৰত প্রবেশ কৰিলে ওজন বঢ়াৰ আশঙ্কা নাথাকে।

৩। হার্ট এটাক প্রতিৰোধ কৰে :

বেঙেনাত থকা ফাইবাৰ, পটাছিয়াম, ভিটামিন বি৬ আৰু ফ্লেবোনয়েডে কলেষ্টেৰলৰ মাত্রা কমোৱাৰ উপৰি হার্টৰ কর্মক্ষমতা বৃদ্ধিত বিশেষ ভূমিকা পালন কৰি থাকে। ফলত হার্টৰ ৰোগত আক্রান্ত হোৱাৰ আশঙ্কা একেবাৰে শূন্যলৈ আনে।

৪। ব্লাড প্রেছাৰ নিয়ন্ত্রণত থাকে :

বিগত এক দশকত সমগ্ৰ বিশ্বজুৰি যি যি ৰোগৰ কাৰণে সকলোতকৈ বেছি সংখ্যক মানুহৰ মৃত্যু ঘটিছে, তাৰ ভিতৰত অন্যতম হ’ল ব্লাড প্রেছাৰ। সেয়ে সময় থাকোতেই প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰা উচিত। আৰু এই ক্ষেত্রত বেঙেনাই আপোনাক বিশেষভাবে সহায় কৰিব পাৰে। প্রসঙ্গত উল্লখ্য, বেঙেনাত আছে পটাছিয়ামসহ একাধিক উপকাৰী খনিজ, যিয়ে শৰীৰৰ ইলেকট্রোলাইট বেলেন্স বজায় ৰাখে। তাৰ লগতে শৰীৰৰ লবণৰ পৰিমাণো স্বাভাবিক মাত্রাৰ ভিতৰত থাকে। ফলত কোনো কাৰণতেই ব্লাড প্রেছাৰ বঢঞাৰ সুযোগ নাপায়।

৫। ডায়েবেটিছক দূৰত ৰাখে :

পৰিয়ালৰ যদি কাৰোবাৰ ডায়েবেটিছ থাকে তেতিয়া আজিৰ পৰাই বেঙেনা খোৱা আৰম্ভ কৰক। কাৰণ এই পাচলিত থকা ফাইবাৰে শৰীৰৰ শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখে। ফলত ডায়েবেটিছত আক্রান্ত হোৱাৰ কোনো সম্ভাৱনাই নাথাকে।

৬। ছালৰ সৌন্দর্য বঢ়ায় :

বয়স বঢ়াৰ লগে লগে শৰীৰত উপস্থিত থকা ক্ষতিকৰ উপাদান সঠিকভাৱে ওলাই যাব নোৱাৰে। ফলত এইবোৰৰ প্রভাৱত ধীৰে ধীৰে ছাল কোঁচ খাই যাব আৰম্ভ কৰে। তাৰ লগতে বলি ৰেখাও প্রকাশ পায়। ফলত স্বাভাবিকভাবেই ত্বকৰ সৌন্দর্য কমি যায়। এই ক্ষেত্রতো বেঙেনাৰ অৱদানক অস্বীকাৰ কৰা সম্ভৱ নহয়। শৰীৰত থকা ক্ষতিকৰ টক্সিক উপাদানবোৰ বাহিৰ কৰি দিয়াত বেঙেনাৰ কোনো বিকল্প নাই বুলিলেই হয়। ফলত সপ্তাহত ১-২ দিন বেঙেনা খোৱাৰ অভ্যাস কৰিলে ত্বকৰ সৌন্দর্যতো নকমেই, ওলোটাই অধিক বৃদ্ধি পায়।

৭। স্মৃতিশক্তি আৰু বুদ্ধি বৃদ্ধিত :

বেঙেনাত থকা ফটোনিউট্রিয়েন্ট চেলে মেমব্রেনক নানাবিধ আঘাতৰ পৰা ৰক্ষা কৰে। ফলত মস্তিষ্কৰ ক্ষয় ৰোধ হয়। তাৰ লগতে স্মৃতিশক্তি আৰু বুদ্ধিও বাঢ়ে।

Exit mobile version