Site icon Guwahati Times

কণী ফ্ৰীজত ৰাখিব লাগেনে ?

পাৰ্টনাৰশ্বিপ ফৰ ফুড ছেফটি এডুকেশ্যনৰ কাৰ্যবাহী সঞ্চালিকা ব্ৰিটানি ছাউনাৰে ৰিডাৰছ ডাইজেষ্টত প্ৰকাশিত এক প্ৰতিবেদনত এই বিষয়ে কয়। তেওঁ কয় যে খাদ্য দুঘণ্টাতকৈ অধিক সময় ‘সন্তুষ্টিজনক’ উষ্ণতাত নথকাটো ৰিস্কি। কণীও ইয়াৰ ব্যতিক্ৰম নহয়। কণীত ছালমন’লা নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে, যিটো স্বাস্থ্যৰ বাবে অতি বিপদজনক। ফলত গৰম বতৰত কণী বহু সময় কোঠাৰ উষ্ণতাত ৰাখিব নালাগে বা কেঁচা কণী খাব নালাগে। এইবোৰ কৰিলে ছালমন’লা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

গৰমৰ দিনত কণী ফ্ৰীজত ৰাখিব লাগে বুলি ব্ৰিটানীয়ে কয়। কাৰণ তাপমাত্ৰা ৪০ ডিগ্ৰীৰ তলত থাকিলে ছালমন’লা বেক্টেৰিয়াৰ বৃদ্ধি বন্ধ কৰা সম্ভৱ।

 

শীতকালত বা তাপমাত্ৰা ৪০ ডিগ্ৰীতকৈ কম হ’লে কণীবোৰ কোঠাৰ উষ্ণতাত এসপ্তাহ ধৰি ৰাখিব পাৰি। কণী ফ্ৰীজত ৰাখিলে পাঁচ সপ্তাহলৈকে সুৰক্ষিত হৈ থাকিব।

বেছিভাগ ফ্ৰীজতে দুৱাৰৰ কাষতে কণীৰ ডবা থাকে। কিন্তু বিশেষজ্ঞসকলে কয় যে বাৰে বাৰে দুৱাৰ খোলাৰ বাবে এই ঠাইত উষ্ণতাৰ উঠা-নমা হয়। ফলত ইয়াত কণী মজুত ৰখাটো নিৰাপদ নহয়। কণীবোৰ ঢাকি থোৱা বাটি এটাত ফ্ৰীজত থৈ দিব।

সিজোৱা কণী খোৱাটো আটাইতকৈ সুৰক্ষিত। ই বেক্টেৰিয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। বহুতো ৰেচিপিত কোঠাৰ উষ্ণতাত কণীৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত ৰন্ধা এঘণ্টাৰ পৰা ডেৰ ঘণ্টা আগতে কণীবোৰ উলিয়াই ল’ব লাগে।

Exit mobile version