Guwahati Times

গুৱাহাটী ৰে’ল ষ্টেচনত বার্মিজ চুপাৰি, ইলাচি জব্দ

অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো পুনৰ সক্রিয় হৈ উঠিছে আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্র৷ এই চক্রটোৱে ম্যানমাৰৰ পৰা গুৱাহাটীৰ মাজেৰে ন ন কৌশলেৰে ড্রাগ্ছ, সোণ, চুপাৰি, ইলাচি সৰবৰাহ অব্যাহত ৰাখিছে৷ দুদিন পূর্বে গুৱাহাটীত ১.৭৭ কোটি টকা মূল্যৰ চোৰাং সোণসহ মহাৰাষ্ট্রৰ এটা সৰবৰাহকাৰী শুল্ক বিভাগে গ্রেপ্তাৰ কৰাৰ পিছত আজি ৰে’ল আৰক্ষী, শুল্ক বিভাগৰ অভিযানত গুৱাহাটী ষ্টেচনত বৃহৎ পৰিমাণৰ চোৰাং চুপাৰি আৰু ইলাচি জব্দ কৰিবলৈ সক্ষম হয়৷ নামনিমুৱা অমৃতসৰ এক্সপ্রেছৰ দবাৰ পৰা এই বৃহৎ পৰিমাণৰ চোৰাং চুপাৰি আৰু ইলাচি জব্দ কৰে৷

ৰে’ল আৰক্ষীৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে ম্যানমাৰৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা এই চুপাৰি আৰু ইলাচিৰ বেগসমূহ নাগালেণ্ডৰ ডিমাপুৰ ষ্টেচনৰ পৰা নিউ জলপাইগুৰিলৈ সৰবৰাহ কৰাৰ কথা আছিল৷ শুল্ক বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত ৰে’ল আৰক্ষীৰ সহযোগত আজি নিশা প্রায় ৮ বজাত নামনিমুৱা অমৃতসৰ এক্সপ্রেছত অভিযান চলাই ৪০ বেগ বার্মিজ চুপাৰি আৰু ২০ বেগ ইলাচি জব্দ কৰে৷ সম্প্রতি ৰে’ল আৰক্ষী আৰু শুল্ক বিভাগে এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রটোৱে এনেদৰে ন ন কৌশল অৱলম্বন কৰি গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ অব্যাহত ৰাখিছে বার্মিজ চুপাৰি, ইলাচি সৰবৰাহ কৰি আহিছে৷ শুল্ক বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে ম্যানমাৰৰ পৰা কলকাতাৰ এটা চক্রই এনেদৰে বার্মিজ চুপাৰি, ইলাচি আৰু সোণ সৰবৰাহ কৰি আহিছে৷ ইতিমধ্যে শুল্ক বিভাগে এই আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রটোৰ বহু তথ্য লাভ কৰিছে৷ শীঘ্রেই এই চক্রটোক উৎখাত কৰিব পাৰিব বুলি শুল্ক বিভাগৰ সূত্রটোৱে জানিবলৈ দিছে৷

Exit mobile version