Site icon Guwahati Times

গোঁসাইগাঁও উকীল সন্থা কাৰ্য্যালয় আন্তঃগাঁথনি উন্নতিকৰনৰ প্ৰতিশ্ৰুতি বিটিআৰৰ EM উইলচন হাছদাৰ।

গোঁসাইগাঁও উকীল সন্থা কাৰ্যালয় ভ্ৰমণ বিটিআৰৰ কাৰ্যবাহী সদস্য উইলচন হাছদাৰ। বৰ্তমান চলিত ইউ পি পি এল দলৰ নেতাগৰাকীয়ে আজি গোঁসাইগাঁও মহকুমা ন্যায়াধীশ আদালতস্থিত গোঁসাইগাঁও উকীল সন্থাৰ কাৰ্য্যালয় পৰিভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও গোঁসাইগাঁও আদালতত কৰ্মৰত অধিবক্তাসকলৰ সৈতে কিছুসময় মত বিনিময় কৰে। উল্লেখ যে উক্ত কাৰ্য্যালয়ৰ সামূহিক পৰিস্থিতি পৰ্যবেক্ষণ কৰি নেতাগৰাকীৰ কাৰ্যকাল অৱস্থাতেই গোঁসাইগাঁও উকীল সন্থা কাৰ্য্যালয়ৰ আন্তঃগাঁথনি উন্নতিকৰনৰ বাবে অতিশীঘ্ৰেই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

Exit mobile version