Site icon Guwahati Times

‘ইমার্জেন্সি’ৰ বাবে সকলো সম্পত্তি বন্ধকত ৰাখিছে কংগনাই

বিতৰ্কৰ বাবেই অধিকাংশ সময় শিৰোনামত থাকে কংগনা ৰণৌট। এইবাৰ অৱশ্যে আন কাৰণতহে প্ৰতিভাৱান অভিনেত্ৰীগৰাকী চৰ্চালৈ আহিছে। অভিনেত্রী, পৰিচালক তথা প্রযোজক হিচাপে কংগনাই সম্প্ৰতি ‘ইমার্জেন্সি’ ছবিৰ চিত্ৰগ্ৰহণ সম্পূর্ণ কৰিছে।

চিত্ৰগ্ৰহণৰ ফটো প’ষ্ট কৰিয়ে কংগনাই জনাইছে এক চাঞ্চল্যকৰ তথ্য। ‘ইমার্জেন্সি’ ছবিত কংগনাই দেশৰ প্ৰাক্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। মূৰত কেঁচা-পকা চুলি, সামান্য মেকআপ, প্রস্থেথিক লুকত ইন্দিৰাৰূপে ইতিমধ্যে তেওঁ নানা মহলৰ প্ৰশংসা লাভ কৰিছে।

এতিয়া কংগনাই সদৰী কৰিছে ছবিখন নিৰ্মাণ কৰাৰ বাবে তেওঁ কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। কংগনাই ফটো প’ষ্ট কৰি জনাইছে যে ‘ইমার্জেন্সি’ নিৰ্মাণ কৰাৰ বাবে তেওঁ নিজৰ সকলো সম্পত্তি বন্ধকত ৰাখিবলগীয়া হৈছে।

মুঠ তিনিখন ফটো তেওঁ আপলোড কৰিছে। য’ত দেখা গৈছে ইন্দিৰা গান্ধীৰ বেশতে তেওঁ পৰিচালনাৰ দায়িত্বও পালন কৰিছে। ফটোৰ কেপচনত কংগনাই লিখিছে, ‘অভিনেত্রী হিচাপে ইমার্জেন্সিৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰিলো…মোৰ জীৱনৰ অতিশয় গৰ্বৰ এটা পৰ্যায় সম্পূৰ্ণ হ’ল…দেখি এনে লাগিছে যেন এই যাত্রা অতি সহজ আছিল; কিন্তু সেয়া সত্য নহয়…নিজৰ সমগ্ৰ সম্পত্তিৰ পৰা চিত্ৰগ্ৰহণৰ প্ৰথম ফালে ডেংগুত আক্রান্ত হোৱাৰ ঘটনা, মই প্ৰতিটো পদতে পৰীক্ষা দিবলগীয়া হৈছে।’

কংগনাই উল্লেখ কৰিছে যে কেৱল পৰিশ্ৰমৰ মাধ্যমেৰে কাংক্ষিত লক্ষ্যত উপনীত হ’ব নোৱাৰি, ইয়াৰ বাবে অদম্য মানসিকতাৰো প্ৰয়োজন।

Exit mobile version