Site icon Guwahati Times

পুতেকৰ বিতর্ক দূৰ কৰি ভাগৰি পৰিছে শ্বাহৰুখ খান

শ্বাহৰুখ খানৰ ডাঙৰ পুতেক আৰিয়ান খান দীৰ্ঘদিন ধৰি বিতৰ্কত আছে। বিতৰ্কৰ অন্ত পৰা নাছিল, কিন্তু শেহতীয়াকৈ আৰিয়ান নোৰাৰ সৈতে ডেটিং কৰা সন্দৰ্ভত চৰ্চালৈ আহিছে। দৰাচলতে, শেহতীয়াকৈ নোৰা আৰু আৰিয়ানৰ কিছুমান বিশেষ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, য’ত দুয়োৰে এনে ধৰণৰ শৈলী দেখা গৈছে, যাৰ ফলত দুয়ো ডেটিং কৰা বুলি সকলোৱে আলোচনা কৰিবলৈ ধৰিছে।

ড্ৰাগছ বিতৰ্কৰ পিছত আৰিয়ানে চলচ্চিত্ৰ উদ্যোগত পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিবলৈ ওলাই আহিছে, ঠিক এনে সময়তে তেওঁৰ নাম নোৰা ফাতেহি প্ৰেমিক বুলি আলোচনা হ’ব ধৰিলে। নোৰা আৰু আৰিয়ানৰ সম্পর্ক কোন দিশে যাব সেয়া কোৱাটো কঠিন, কিন্তু যদি নোৰা-আৰিয়ানৰ ডেটিংত সমস্যা হয়, তেন্তে ইয়াৰ পোনপটীয়া প্ৰভাৱ শ্বাহৰুখ খানৰ চলচ্চিত্ৰৰ ওপৰত পৰিব। এতিয়া পুতেকৰ বিতৰ্ক দূৰ কৰি ভাগৰি পৰা বাপেক শ্বাহৰুখে এনে পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ’ব।

Exit mobile version