Site icon Guwahati Times

কিশোৰীক দেখি ‘আজা আজা’ গান গোৱা যুৱকক আদালতে কৰিলে দোষী সাব্যস্ত

এজনী নাবালিকাক অনুসৰণ কৰি ‘আজা, আজা’ বুলি গান গোৱা এজন অভিযুক্তক দোষী সাব্যস্ত কৰিলে মুম্বাইৰ আদালতে৷ উল্লেখ্য যে এই ঘটনাক যৌন আতিশয্য বুলি অভিহিত কৰিছে আদালতখনে৷ অৱশ্যে অভিযুক্ত যুৱকজনে নতুনকৈ কাৰাবাস খাটিব নালাগে৷ কাৰণ ইতিমধ্যে কেইবামাহো কাৰাবাস খাটিবলগীয়া হৈছে যুৱকজনে৷ মুম্বাইৰ নিম্ন আদালত এখনে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(ডি) আৰু পকছো আইনৰ অধীনত যুৱকজনক দোষী সাব্যস্ত কৰে৷
লক্ষণীয়ভাৱে ২০১৫ চনতে যুৱকজনে কিশোৰীজনীক টিউচনলৈ যোৱাৰ সময়ত এনেদৰে পথত আতিশয্য চলাইছিল৷ কিশোৰীজনীক ‘আজা আজা’ বুলি গান গোৱাৰ ছলেৰে অসৎ ইংগিত দিয়া বুলি যুৱকজনৰ বিৰুদ্ধে অভিযোগ অনা হৈছিল৷ এই গোচৰত দোষী সাব্যস্ত হৈছে যুৱকজন৷
Exit mobile version