Site icon Guwahati Times

অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা

গুৱাহাটীঃ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত অনুষ্ঠিত হ’ব পৰীক্ষা। এক গুৰুত্বপূৰ্ণ আলোচনাত ছেবাই এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে মেট্ৰিক পৰীক্ষা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ প্ৰতিনিধিবৰ্গ আৰু ছেবাৰ অধ্যক্ষ আৰু সচিবৰ সৈতে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।

পাঁচ দিনৰ পাছত ছেবাৰ কৰ্তৃপক্ষৰ সৈতে পুনৰ আলোচনাত বহিব বুলি সংবাদ মাধ্যমক জনায় আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।

Exit mobile version