Site icon Guwahati Times

EXCLUSIVE : ৰাজ্যৰ চৰকাৰে পুনৰ নিৰ্মাণ কৰিব “জোনাকী” ছবিগৃহ

ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসমৰ ন- পুৰণি ছবিগৃহ সমূহ পুনৰ নিৰ্মান কৰাৰ সন্দৰ্ভত নতুন পৰিকল্পনা হাতত লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাক ৰাজ্যখনৰ ন পুৰণি ছবিগৃহসমূহ পৰিদৰ্শন কৰিবলৈ আহবান জনায়। যোৱা সপ্তাহত যতীন বৰাই তেজপুৰত অৱস্থিত অসমৰ প্ৰথমটো ঐতিহাসিক জোনাকী ছবিগৃহ পৰিদৰ্শন কৰে।

১৯৩৭ চনত অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিগৃহটো প্ৰতিষ্ঠা কৰিছিল। যতীন বৰাই ঐতিহ্যমণ্ডিত চিত্ৰগৃহটোৰ স্বত্ত্বাধিকাৰীৰ সৈতে মত বিনিময় কৰি অহা অক্টোবৰত জোনাকী ছবিগৃহটোক ‘ঐতিহ্য’ৰ মৰ্যদা প্ৰদান কৰা হ’ব বুলি কথা দিয়ে।

ৰাজ্য চৰকাৰে পুৰণি চিত্ৰ গৃহৰ পুনৰনিৰ্মাণৰ বাবে ২৫ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে। লগতে নতুন চিত্ৰগৃহৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে অহা ৩ অক্টোবৰত মুখ্য মন্ত্ৰী সোণোৱালে ঐতিহ্যমণ্ডিত ছবিগৃহটো মুকলি কৰাৰ সম্ভাৱনা আছে।

Exit mobile version