Site icon Guwahati Times

পুৰুষতকৈ মহিলাৰ বিচনাৰ সংগী বেছি; সমীক্ষাত আছে অসমৰ নামো…

দৈনিক পৰকীয়া, বিচ্ছিন্নতা আনকি প্ৰাণ হেৰুৱাৰ ঘটনা বৃদ্ধি পাইছে। সময় পাৰ হৈ যোৱাৰ লগে লগে সম্পৰ্কৰ জটিলতাও বাঢ়িছে। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। য’ত প্ৰকাশ পাইছে যে ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত গড়ে পুৰুষতকৈ মহিলাৰ বিচনাৰ সংগী বেছি।

উল্লেখ্য যে মুঠ এক লাখ পুৰুষ আৰু এক লাখ মহিলাৰ ওপৰত এই সমীক্ষা কৰা হৈছিল। সেই সমীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। দেখা গৈছে যে ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পুৰুষতকৈ মহিলাৰ সংগী বেছি। ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, জম্মু-কাশ্মীৰ, লাডাখ, মধ্যপ্ৰদেশ, অসম, কেৰালা, লক্ষদ্বীপ, পণ্ডিচেৰী আৰু তামিলনাডুত বিচনা সংগীৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি। এই ক্ষেত্ৰত আটাইতকৈ ৰাজস্থানৰ মহিলাসকল আগৰণুৱা। সেই ৰাজ্যত মহিলা বিচনা সংগীৰ সংখ্যা প্ৰায় ৩.১ জন, আনহাতে পুৰুষ সংগীৰ সংখ্যা ১.৮ জন।

ইফালে পুৰুষে পত্নী বা লাইভ ইন পাৰ্টনাৰৰ বাহিৰে আন মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা বেছি। তেনে ক্ষেত্ৰত মহিলাসকল যথেষ্ট পিছ পৰি থাকে। ৪ শতাংশ পুৰুষে সমীক্ষাৰ ১২ মাহৰ আগতে এনে সম্পৰ্ক থকাৰ কথা জনাইছে। স্থায়ী সংগীৰ বাহিৰত শাৰীৰিক সম্পৰ্ক থকা মহিলাৰ ০.৫ শতাংশ।

ইফালে পুৰুষে পত্নী বা লীভ ইন পাৰ্টনাৰৰ বাহিৰে আন মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা বেছি। তেনে ক্ষেত্ৰত মহিলাসকল যথেষ্ট পিছ পৰি থাকে। ৪ শতাংশ পুৰুষে সমীক্ষাৰ ১২ মাহৰ আগতে এনে সম্পৰ্ক থকাৰ কথা জনাইছে। স্থায়ী সংগীৰ বাহিৰত শাৰীৰিক সম্পৰ্ক থকা মহিলাৰ ০.৫ শতাংশ।

দিনক দিনে ব্যস্ততা বাঢ়িছে। সাৰ পোৱাৰ পৰা শুই উঠালৈকে বেছিভাগ সময় পেছাদাৰী দায়িত্ব পৰিচালনা কৰিয়েই কটায়। আৰু প্ৰতিযোগিতাখনৰ দৌৰত সফল হোৱাৰ বিপৰীতে আপোনজনৰ সৈতে কটোৱা সময়ো যথেষ্ট কমিছে। ফলত আপোনজনৰ লগত ক্ৰমান্বয়ে আৱেগিক দূৰত্বৰ সৃষ্টি হয়। আন কাৰণতো দিনটো কাজিয়া আৰু অশান্তি চলি আছে। সম্পৰ্কটোৱে উষ্ণতা হেৰুৱাইছে। যাৰ ফলত এই সম্পৰ্কৰ মাজত তৃতীয় ব্যক্তিয়ে ঠাই লৈছে। ফলত পৰকীয়াৰ দৰে আন সম্পৰ্ক হোৱাৰ প্ৰৱণতা বাঢ়িছে।

Exit mobile version