Site icon Guwahati Times

নগাঁৱত আৰক্ষীৰ নকল সোণৰ নাও-যীশু খ্ৰীষ্ট মূৰ্তি উদ্ধাৰ

নগাঁও আৰু ননৈ আৰক্ষীয়ে পাঠৰি কাটনি গাঁৱত নকল সোণৰ বিৰূদ্ধে অভিযান চলাই গাঁত খান্দি মাটিৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নকল সোণৰ নাও আৰু যীশু খ্ৰীষ্টৰ মূৰ্তি । নকল সোণৰ ব্যৱসায় কৰা চক্ৰটোৰ এটা সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গ্ৰেপ্তাৰ কৰা সদস্যটো আটাউৰ ৰহমানৰ পুত্ৰ মুক্লেচুৰ ৰহমান বুলি জানিব পৰা গৈছে । প্ৰাপ্ত বাতৰি মতে ৰাজ্যত বিগত সময়ত ভয়াৱহভাৱে বৃদ্ধি পাইছে নকল সোণৰ ব্যৱসায় কৰা চক্ৰৰ প্ৰৱঞ্চনা । ইতিধ্যে বহু লোক এই চক্ৰটোৰ জালত পৰি প্ৰৱঞ্চনাৰ বলি হ’ব লগা হৈছে । ধৃত মুক্লেচুৰ ৰহমানে লক্ষিমপুৰৰ পৰা নকল সোণৰ নাও মূৰ্তি আনি বিক্ৰী কৰি বহুলোকক প্ৰৱঞ্চনাৰ জালত পেলায় । ৰবিবাৰে নিশা নগাঁও আৰক্ষীয়ে ননৈ আৰক্ষীৰ সহযোগত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই । নগাঁও আৰক্ষীয়ে এই চক্ৰটোৰ মূল সদস্যটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

 

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version