যুদ্ধজাহাজত নিযুক্তি দিব ২ মহিলা বিষয়াক

1 min read

ইতিহাস সৃষ্টিৰে প্রথমবাৰৰ বাবে মহিলা বিষয়াক ভাৰতীয় যুদ্ধ জাহাজত মোতায়েন কৰা হ’ব৷ ভাৰতীয় নৌবাহিনীত লিংগ বৈষম্য আঁতৰ কৰাৰ লক্ষ্যৰে বাহিনীৰ যুদ্ধ জাহাজত দুগৰাকী ছাব–লেফটেনেণ্ট মহিলা বিষয়া শীঘ্রেই নিযুক্তি দিব৷

ইতিমধ্যে ৬০ ঘণ্টীয়া প্রশিক্ষণ সমাপ্ত কৰা ছাব–লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু ৰীতি সিঙক নিযুক্তি দিবলৈ প্রস্তুতি সম্পূর্ণ কৰিছে৷ ইপিনে ফ্রান্সৰ পৰা অনা অত্যাধুনিক যুদ্ধবিমান ৰাফেলতো মহিলা বিষয়াক নিযুক্তি দিয়া হ’ব৷

নৌবাহিনীৰ গ’ল্ডেন এৰোজ ১৭ স্কোৱার্ডনত অন্তর্ভুক্ত ৰাফেলৰ মহিলা পাইলট নিযুক্তি দিয়াৰ প্রস্তুতি চলাই বাহিনীটোৱে মহিলা বিষয়াৰ প্রশিক্ষণ আৰম্ভ কৰিছে৷

লক্ষণীয় যে ভাৰতীয় যুদ্ধ জাহাজত মোতায়েন কৰিবলগীয়া দুই মহিলা বিষয়াই হেলিকপ্ঢাৰৰ পাইলট হিচাপে মোতায়েন হ’ব৷ নৌবাহিনীত নতুনকৈ অন্তর্ভুক্ত হ’বলগীয়া এম এইচ–৬০ হেলিকপ্ঢাৰৰ পাইলট হিচাপে মহিলা বিষয়া দুগৰাকী কার্যনির্বাহ কৰিব৷ শত্রুৰ জাহাজ আৰু ছাবমেৰিনৰ গতিবিধি চিনাক্ত কৰাৰ ক্ষেত্রত এম এইচ–৬০ হেলিকপ্ঢাৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব আৰু এই হেলিকপ্টাৰৰ পাইলট হ’ব দুই মহিলা বিষয়া৷ উল্লেখ্য যে ২০১৮ চনত প্রতিৰক্ষা মন্ত্রী নির্মলা সীতাৰমণে ২.৬ বিলিয়ন মার্কিন ডলাৰেৰে লখিড মার্টিন হেলিকপ্ঢাৰ নির্মাণৰ প্রক্রিয়া আৰম্ভ কৰিছিল৷

আনপিনে চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানৰ নিদ্রাহৰণকাৰী অত্যাধুনিক যুদ্ধবিমান ৰাফেলৰ পাইলট হিচাপে মহিলা বিষয়াক নিযুক্তি দিয়াৰ পৰিকল্পনা সম্পূর্ণ কৰিছে৷ এই সন্দর্ভত মহিলা বিষয়াৰ চুটি তালিকা প্রস্তুত কৰি মহিলা বিষয়াক ৰাফেল যুদ্ধবিমান চলোৱাৰ প্রশিক্ষণ দি আছে৷

এতিয়াও আনুষ্ঠানিকভাৱে মহিলা বিষয়াকেইগৰাকীৰ নাম ঘোষণা কৰা হোৱা নাই যদিও এই মহিলা বিষয়াকেইগৰাকী মিগ–২১ যুঁজাৰু বিমান চলোৱাৰ অভিজ্ঞতাৰে পুষ্ট৷ তাৎপর্যপূর্ণ যে বর্তমান বায়ুসেনা বাহিনীত ১,৮৭৫গৰাকী মহিলা বিষয়া আছে৷ ইয়াৰ ভিতৰত ১০গৰাকীয়ে যুদ্ধবিমানৰ পাইলট আৰু ১৮গৰাকী নেভিগেটৰ৷

Niyomiya Barta

You May Also Like

More From Author