Site icon Guwahati Times

বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ

শেহতীয়াকৈ একাংশ লোকে সামাজিক মাধ্যমত ৰাইজৰ দলৰ মুখপাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰা সন্দৰ্ভত কিছু অশ্লীল মন্তব্য কৰা দেখা গৈছিল ৷ এই সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে ডিমৌ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিলে । বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে তেওঁ দাখিল কৰিলে এই এজাহাৰ ।

সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জ্ঞানশ্ৰীয়ে কয় যে, এই ঘটনাই সকলো নাৰী সমাজক লজ্জানত কৰিছে । এই ঘটনাই প্ৰমাণ কৰিছে অসমত নাৰী কিমান সুৰক্ষিত । এনে ঘটনাৰ লগত জড়িত সকলক কেতিয়াও ক্ষমা কৰা প্ৰয়োজন নাই । এই সন্দৰ্ভত অসম আৰক্ষীক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে ।

উল্লেখ্য যে, বিজেপি IT চেলৰ কৰ্মী এজনে জ্ঞানশ্ৰী বৰাৰ ফটো ব্যৱহাৰ কৰি অশ্লীল ভাষাৰে সামাজিক মাধ্যম ফেচবুকত লিখাৰ পাছতে ৰাজ্য যুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । ইয়াৰ পাছতে জ্ঞানশ্ৰী বৰাই এজাহাৰ দাখিল কৰিছে যদিও বিজেপি IT চেলৰ কৰ্মীৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেইয়া সময়ত হে গম পোৱা যাব ।

Exit mobile version