Site icon Guwahati Times

Tokyo Olympics: ভাৰোত্তোলনত মীৰাবাই চানুৰ ৰূপৰ পদক

টকিঅ’ অলিম্পিকৰ প্ৰথম দিনাই ভাৰতৰ পদক অৰ্জন। ভাৰতৰ হৈ মীৰাবাই চানুৱে লাভ কৰিলে ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক। ইয়াৰ পাছতে মীৰাবাই চানু ভাৰোত্তোলনত পদক জয় কৰা ভাৰতৰ ইতিহাসৰ দ্বিতীয় গৰাকী মহিলা ৰূপে পৰিগণিত হৈছে।

ইয়াৰ পূৰ্বে ২০০০ চনৰ লণ্ডন অলিম্পিকত কৰ্ণম মল্লেশ্বৰীয়ে ব্ৰঞ্জৰ পদক জিকিছিল। অলিম্পিকৰ ইতিহাসত এইটো ভাৰতৰ পঞ্চম ৰূপৰ পদক।

শনিবাৰে ৪৯ কিলোগ্ৰামৰ প্ৰতিযোগিতাত চীনৰ ঝিহু হৌয়ে স্নেচ আৰু ক্লিন এণ্ড জাৰ্ক দুয়োটাতে অলিম্পিক ৰেকৰ্ডৰ সৈতে সোণৰ পদক জিকিছিল।

ইপিনে চানুৱে সফলতাৰে ৮৪ কিলোগ্ৰাম আৰু ৮৭ কিলোগ্ৰাম উত্তোলন কৰিছিল, কিন্তু ৮৯ কিলোগ্ৰাম উত্তোলন কৰিবলৈ ব্যৰ্থ হৈছিল। আনহাতে চীনৰ ঝিহুৱে ৯৪ কিলোগ্ৰাম উত্তোলন কৰি অলিম্পিকৰ অভিলেখ গঢ়ে। লগতে নতুন অলিম্পিক ৰেকৰ্ড হিচাপে মীৰাবাই চানুৱে ক্লিন এণ্ড জাৰ্কত ১১৫ কিলোগ্ৰামৰ সফল উত্তোলনৰ সৈতে নিজৰ নাম অন্তৰ্ভুক্ত কৰে।

Exit mobile version