Site icon Guwahati Times

হোজাইৰ ডবকা ৰাজহ চক্ৰত বানত তাণ্ডৱ : বানত উটি অহা মৃতদেহ উদ্ধাৰ

আজি হোজাইত বানপানীৰ উটি অহা এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় ।হোজাইৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত যমুনামুখত উদ্ধাৰ হয় এই অচিনাক্ত যুৱকৰ মৃতদেহ। যমুনামুখৰ যমুনাগুড়িত গড়কাপ্টানী পথৰ কাষৰ এখন বেৰত লাগি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।বানৰ কোবাল সৌতে উটুৱাই আনে মৃতদেহটো।ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বৰ্তমানলৈকে প্ৰায় পয়ত্ৰিশ বছৰীয়া যুৱক জন চিনাক্ত হোৱা নাই । ইফালে হোজাই জিলাৰ লংকা আৰু হোজাই ৰাজহ চক্ৰত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও বহু লোক এতিয়াও শিবিৰতে আছে । হোজাইৰ শিৱপুৰ, হায়ঙ, বাৰফুটি অঞ্চলৰ বহু লোক আজিও ৰেল পথত আশ্ৰয় লৈ আছে । ইফালে ডবকা ৰাজহ চক্ৰৰ বানাক্ৰান্ত সকলৰ মাজত কম পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও পিছত জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ তৎপৰতাত চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া পৰিমাণৰ খাদ্য সমগ্রী যোগান ধৰা হয় । এই বানত আজিলৈকে জিলা প্ৰশাসনৰ তৰফৰ পৰা চলোৱা অভিযানত প্ৰায় বাৰশ জলবন্দী উদ্ধাৰ কৰা হয় বুলি আৰক্ষী অধীক্ষক বৰুণ পূৰকায়স্থই জানিবলৈ দিয়ে । বানত ডবকা ৰাজহ চক্ৰত অন্তৰ্গত অঞ্চলত তীব্ৰ পশু খাদ্য নাটনিয়ে দেখা দিছে যদিও জিলা পশুপালন বিভাগে পৰ্যাপ্ত পৰিমাণৰ পশু খাদ্য যোগানত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ।

Exit mobile version