Guwahati Times

বানৰ কৱলত জোনাইৰ চিলে পঞ্চায়তৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল

 ভৰ বাৰিষাৰ সময়ছোৱাত ধেমাজি জিলাৰ জোনাইত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ শনিবাৰে পুৱা হঠাৎ অহা পাহাৰীয়া বানে ভাঙি নিলে জোনাইৰ বাহিৰ চিলে পঞ্চায়তৰ অন্তৰ্গত মটপুৰ গাঁৱৰ মথাউৰিটো ৷ যাৰবাবে প্লাৱিত হৈ পৰিছে মটপুৰ গাঁৱকে ধৰি এক বিস্তীৰ্ণ অঞ্চল ৷ বাঢ়নী পানীত বুৰ গৈছে গাঁওখনৰ প্ৰায় 30-40 টা পৰিয়ালৰ ঘৰ-বাৰী ৷ লগতে বুৰ গৈছে শ-শ বিঘা কৃষি ভূমি ৷

বানৰ কৱলত জোনাইৰ চিলে পঞ্চায়তৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল

বাৰিষাৰ ভৰপক সময়ত এনেদৰে বাঢ়নী পানীৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে গাঁওখনৰ বহু কেইটা খাটি খোৱা পৰিয়াল ৷ বানে খেতি বাতি নষ্ট কৰাত বিপাঙত কৰিছে গাঁও খনৰ কৃষক ৰাইজ ৷

উল্লেখ্য যে, শেহতীয়াকৈ চিলে পঞ্চায়তে এম জি এনৰেগা আচঁনিৰ অধীনত মথাউৰিটো নিৰ্মাণৰ কাম কৰিছিল যদিও সেইয়া অতি নিম্ন মানৰ কাম কৰা হোৱাৰ বাবেই চিলে নদীয়ে মথাউৰিটো ভাঙি পেলোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ লগতে উক্ত নিৰ্মাণ কাৰ্যত বিসংগতি কৰা সকলক উচিত শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে ৰাইজে ৷

মন কৰিবলগীয়া যে, জলসম্পদ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই অসমৰ প্ৰতিটো মথাউৰিৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ কেইদিন মথাউৰি সমূহ মেৰামতিৰ বিষয়টোত মন্ত্ৰী গৰাকী বিশেষভাৱে তৎপৰ হৈ পৰিছিল যদিও পৰৱৰ্তী সময়ত যেন ম্লান পৰিছিল সেই তৎপৰতা ৷ মন্ত্ৰী গৰাকীৰ কঠোৰ নিৰ্দেশৰ বাবে একাংশ ঠিকাদাৰে বাকী থকা কাম সম্পূৰ্ণ কৰিছিল যদিও সেইয়া অতি নিম্ন মানৰ হোৱা বুলি দাবী উত্থাপন হৈছে ৷

Exit mobile version