Site icon Guwahati Times

এজাক বৰষুণতেই ভয়াবহ পৰিৱেশৰ সৃষ্টি হ’ল যোৰাবাটত

শুকুৰবাৰে গুৱাহাটীৰ যোৰাবাট অঞ্চলত ৰাতিপুৱা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এক বিধ্বংসী পৰিৱেশৰ সৃষ্টি হয়।পাহাৰৰ পৰা নামি অহা অজস্ৰ বোকা আৰু পানী জমা হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল ব্যাহত কৰি তোলে।লক্ষণীয়ভাৱে যোৰাবাট আৰু গুৱাহাটীৰ অন্যান্য অংশত এজাক সৰু বৰষুণৰ ফলত এনে আকস্মিক বানপানী প্ৰায় চিনাকি হৈ পৰিছে।কিন্তু আজিৰ এই কৃত্ৰিম বানপানী আছিল বেছি ভয়াবহ।

পানীজমা হৈ খানাপাৰা-যোৰাবাট পথত দেখা দিয়া যান-বাহনৰ এনে সমস্যাৰ ফলত কেইবাজনো যাত্ৰী প্ৰভাৱিত হৈছিল।গ্ৰীষ্মকালত আকস্মিক বানপানী আৰু ধাৰাসাৰ বৰষুণৰ ফলত যোৰাবাট অঞ্চল প্ৰায়ে প্ৰভাৱিত হয়।মেঘালয় আৰু ইয়াৰ চাৰিওফালৰ পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীয়ে ৰাস্তা আৰু নলাবোৰ বন্ধ কৰি দিয়ে যাৰ ফলত জীয়াতু ভুগিব লগীয়া হয় অঞ্চলবাসী আৰু যাত্ৰী সকল।

Exit mobile version