দিছপুৰ সমষ্টিৰ কণ্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী বিতৰণ

1 min read

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ(Corona) সংক্ৰমণ । যিবোৰ অঞ্চলত কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে সেইবোৰত কণ্টেইমেণ্ট জ’ন(Containment Zone) ঘোষণা কৰিছে প্ৰশাসনে । কিন্তু বিভিন্ন সময়ত কণ্টেইমেণ্ট জ’নৰ লোকসকলে খাদ্য সংকট আৰু বহু সমস্যাত পৰা দেখা যায় । অৱশ্যে একাংশ হৃদয়ৱান লোকে সেই বিপদত পৰা লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহে ।

containment zone

দিছপুৰ সমষ্টিৰ কণ্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী বিতৰণ

এইবাৰ তেনেদৰে গুৱাহাটী মহানগীৰৰ একাংশ লোকৰ সহায়ৰ বাবে ওলাই আহিল এটা স্বেচ্ছাসেৱী সংস্থা । অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “চ’ছিয়েল ডেভলপমেণ্ট এণ্ড বিউটি কালচাৰ”(Social Development And Beauty Culture) চমুকৈ এছডিবিচিৰ উদ্যোগত দিছপুৰ সমষ্টিৰ(Dispur constituency) অন্তৰ্গত বৰুৱাবাৰী আৰু ডিগাৰু গাঁও পঞ্চায়ত এলেকাৰ কণ্টেইমেণ্ট জ’নত থকা তিনি শতাধিক পৰিয়ালক দেওবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । সংগঠনটোৰ কৰ্মকর্তা ক্ৰমে প্ৰশান্ত মহন্ত, জিতু হাজৰিকা, জবা ইংতি, কল্পনা দাস, ভাস্কৰজ্যোতি ডেকা, দীপ্তি নাথ, ৰিপন বৰুৱা আৰু দীপাংকৰ বৰুৱাই লোকসকলক চাউল, দাইল, আলু, পিঁয়াজ আৰু মিঠাতেলৰ একোটাকৈ টোপোলা বিতৰণ কৰে । আনহাতে দুয়োখন গাঁও পঞ্চায়তৰ সচেতন লোকসকলে স্বেচ্ছাসেৱী সংগঠনটোৰ ক’ভিডৰ (Covid) সময়ত আগবঢ়োৱা সহায়ৰ বাবে শলাগ লয় ।

containment zone

দিছপুৰ সমষ্টিৰ কণ্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী বিতৰণ

ইফালে পশ্চিম গুৱাহাটীৰ ‘পৰিৱেশ অনুকুল গাঁও’ হিচাপে পৰিচিত আজাৰা থানাৰ অন্তৰ্গত ছাটাৰগাঁৱত সামাজিক সংস্থা শ্ৰীসত্য সাই সেৱা সংগঠনে দেওবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে । সংগঠনটোৰ কৰ্মকর্তা সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অঞ্চলটোৰ ৬২ টা ৰাভা জনগোষ্ঠীৰ পৰিয়ালক চাউল, দাইল, আলু, পিঁয়াজ, নিমখ, মিঠাতেল, চিৰা, বিস্কুট, দিয়াচলাইৰ উপৰি মাস্ক বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত স্থানীয় নৱজ্যোতি ক্লাবৰ সভাপতি দ্বীপেন ৰাভা, সম্পাদক মনোজ ৰাভাকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে । “ৰংমন ট্যুৰিজিম চ’ছাইটি”ৰ(Rongmon Tourism Society) প্ৰমোদ কলিতা, কন্দৰ্প বড়ো, অসম পৰ্বতাৰোহী সংস্থাৰ মানস বৰুৱাকে ধৰি কেইবাজন লোকে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় ।

containment zone

দিছপুৰ সমষ্টিৰ কণ্টেইনমেণ্ট জ’নত খাদ্য সামগ্ৰী বিতৰণ

Source: ETV

You May Also Like

More From Author