Site icon Guwahati Times

বাক্সাৰ শিমলা অঞ্চলত বিটিচিৰ চৰকাৰী চাইকেল বিতৰণ

বাক্সা জিলাৰ ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰ্থ কামৰূপ বেতবাৰী হাইস্কুল আৰু হিমাচল হাইস্কুল, গোলাগাঁৱত আজি ( ২২ নৱেম্বৰ) বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰক বিটিচি চৰকাৰে প্ৰদান কৰা চাইকেল বিতৰণ কৰে।

উল্লেখ্য যে নৰ্থ কামৰূপ বেতবাৰী হাইস্কুলত ৫০ জন, হিমাচল হাইস্কুলত ৮২ জন আৰু ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬৭ জন  অধ্যয়নৰত ছাত্ৰই বিটিচি চৰকাৰে প্ৰদান কৰা চাইকেল লাভ কৰিছে। মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ছাত্ৰসকলক কেৰিয়াৰ গঢ়াৰ গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰী য়ে জীৱনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি সেই মতে আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষক সকলে সহায় কৰিব লাগে। কোনো ছাত্ৰ  বা ছাত্ৰী যদি পুলিচ অফিচাৰ বা ডাক্তৰ – ইঞ্জিনীয়াৰ বা প্ৰশাসনিক বিষয়া হ’ব বিচাৰে তেন্তে তেনে ছাত্ৰক বা ছাত্ৰীৰ  উপযুক্ত অৰ্হতা সম্পন্ন লোকৰ দ্বাৰা প্ৰশিক্ষিত বা অনুপ্ৰাণিত কৰাৰ ব্যৱস্থা কৰা হ’ব। তেওঁ ছাত্ৰ- ছাত্ৰীয়ে যাতে কৰ্মমুখী শিক্ষা লাভ কৰিব পাৰে তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

লগতে তেওঁ কয় যে শিক্ষকে ছাত্ৰ ছাত্ৰীক উপযুক্ত শিক্ষা লাভত গাইডহে কৰে, কিন্তু ছাত্ৰ-ছাত্ৰী য়ে নিজে কষ্ট কৰিলেহে বাঞ্ছিত সফলতা লাভ কৰিব পাৰে। তেওঁ শেষত খামাৰদৈছা হাইস্কুলত উপস্থিত হৈ নৱ নিৰ্মিত বিজ্ঞানাগাৰ তথা কম্পিউটাৰ লেৱৰেটৰীৰ দুৱাৰ মুকলি কৰে। তেওঁ বিদ্যালয় সমূহৰ বিভিন্ন আন্তঃগাথঁনিগত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে।

Exit mobile version