Site icon Guwahati Times

মহাদেৱ শিৱই কিয় শিৰচ্ছেদ কৰিছিল পুত্ৰ গণেশৰ?

হিন্দু ধৰ্মত শুভ কাম কৰাৰ আগত সকলোতকৈ আগত ভগৱান শিৱ আৰু মা পাৰ্ৱতীৰ গজানন অৰ্থাৎ ভগৱান গণেশৰ পূজা কৰা হয়।তাৰপাছত হে অন্য দেৱী দেৱতাৰ পূজ অৰ্চনা কৰা হয়।সেয়হে ভগৱান গণেশক প্ৰথমপূজ্য বা বিঘ্নি হৰ্তা বোলা হয়।

শিৱ পুৰাণৰ অনুসাৰি,ভগৱান গণেশৰ জন্ম মা পাৰ্ৱতীৰ দেহৰ হালধীৰ দ্বাৰা। প্ৰথমে মা পাৰ্ৱতীয়ে দেহত কেপ লগোৱা হালধীৰ দ্বাৰা এক পুতলা বনালে, তাৰপাছত সেই পুতলাত জীয় দিলে। কিন্তু সেই সময়ত ভগৱান শিৱ কৈলাসত উপস্থিত নাছিল। গণেশৰ বালক ৰূপৰ পুতলাত মাতা পাৰ্ৱতীয়ে জীয় দিয়াৰ পাচত মাতা পাৰ্ৱতী স্নান কৰিবলৈ গল আৰু বালক ৰূপী গণেশক দুৱাৰৰ ৰখীয়া কৰিবলৈ আদেশ দিলে। আৰু তেওঁৰ আজ্ঞা নোহোৱাকে যাতে ভিতৰলৈ কাকো প্ৰৱেশ কৰিবলৈ নিদিয়ে। সেই উপদেশ বালক ৰূপী গণেশক প্ৰদান কৰি মা পাৰ্ৱতী ভিতৰলৈ গলগৈ।

আৰু কিছু সময়ৰ পাছত সেই স্থানত ভগৱান শিৱ আহি উপস্থিত হল আৰু মা পাৰ্ৱতীৰ ভৱনৰ ভিতৰলৈ খোজ ললে।কিন্তু বালক ৰূপী গণেশে ভগৱান শিৱক ভৱনৰ ভিতৰলৈ যোৱাত বাধা প্রদান কৰিলে। এই দেখি মহাদেৱ বিষ্মিত হল আৰু তেওঁ সেই বালক ৰূপী গণেশক সুধিলে, তুমি কোন ? মহাদেৱৰ প্ৰশ্নৰ উত্তৰত বালক ৰূপী গণেশে কলে, মই মা পাৰ্ৱতীৰ পুত্র গণেশ হয়। আৰু তেওঁৰেই আদেশ অনুসাৰি কাকো ভিতৰলৈ যাবলৈ দিয়া নহব।এই কথা শুনি ভগৱান শিৱই গণেশক বহু বুজাবলৈ চেষ্টা কৰিলে কিন্তু গণেশে একো নুবুজিলে।

এনে কথাত ভগৱান শিৱ ক্ৰধিত হৈ পৰাৰ ফলত দুয়োৰে মাজত তয়া-নয়া ৰন আৰম্ভ হল। অৱশেষত শিৱই তেওঁৰ ত্ৰীশূলেৰে গণেশৰ মূৰ দেহৰ পৰা বিচিন্ন কৰিলে আৰু ভৱনৰ ভিতৰলৈ গলগৈ। যেতিয়া মা পাৰ্ৱতীয়ে গণেশৰ এই বাতৰি পালে তেতিয়া তেওঁ ক্ৰধিত হৈ বিলাপ কৰিলে।যাৰ বাবে তিনিও লোকতে হাঁহাকাৰ লাগিল। মা পাৰ্ৱতীক শান্ত কৰিবৰ বাবে ভগৱান শিৱই বহ্মাৰ পৰামৰ্শ অনুসৰি এটা পোৱালি হাতীৰ মস্তক কাটি গণেশৰ দেহৰ লগত জোৰা দিলে আৰু তেওঁক পুনৰজীৱিত কৰিলে।সেয়ে কোৱা হয় যে ভগৱান গণেশ তেতিয়াৰপৰাই গজানন নামেৰে বিখ্যাত হল।

এতিয়া মনা যায় যে, ভগৱান গণেশৰ মূৰ দেহৰপৰা বিচিন্ন হোৱাৰ পাছত ভগৱান শিৱই এটা গুহাত ভগৱান গণেশৰ কটা মূৰ ৰাখিলে।সেই গুহাক আজি পাতাল ভূৱেনশ্বৰ নামে জনা যায়।গুহাত বিৰাজমান গণেশৰ মূৰ্তিক আদি গণেশ কোৱা হয়। বৰ্তমান এই গুহা উত্তৰাখণ্ডৰ পিথৰা গাঁওত আছে। এই গুহাত থকা ভগৱান গণেশৰ কটা মূৰৰ ৰক্ষা স্বয়ম ভগৱান শিৱই কৰে বুলি প্ৰবাদ আছে

জয় শ্ৰী গণেশ

Exit mobile version