Site icon Guwahati Times

গেষ্ট্ৰিকৰ সমস্যা? কি কৰিব, কি নকৰিব

খাদ্যৰ ভেজাল, অনিয়ন্ত্রিত জীৱন-যাপন তথা ধূমপানসহ নানা কাৰণত গেষ্ট্ৰিক প্রায় ঘৰুৱা ৰোগৰ দৰে হৈ পৰিছে। কিন্তু নিয়ম মানি চলিলে গেষ্ট্ৰিকৰ সমস্যাৰ পৰা পৰিত্রাণ পোৱা যায়। গেষ্ট্ৰিকৰ সমস্যা থাকিলে সকলো ধৰণৰ খাদ্য খাব নোৱাৰি। খাদ্য খোৱাৰ ক্ষেত্ৰত অৱশ্যেই সচেতন হ’ব লাগিব।

গেষ্ট্ৰিক বা এচিডিটি কি?

গেষ্ট্ৰিক বা এচিডিটি হ’ল পাকস্থলীত এচিডৰ পৰিমাণ বাঢ়ি যোৱা আৰু অৱশেষত ক্ষতৰ সৃষ্টি কৰা। সাধাৰণতে অতিৰিক্ত ঝাল, মচলাযুক্ত খাদ্য, ভাজা-পোৰা জাতীয় খাদ্যত ই বেছি হ’ব পাৰে। কাৰণ এইবোৰ খাদ্যক হজম কৰিবলৈ অতিৰিক্ত এচিডৰ প্ৰয়োজন হয়; ফলত বহুত হাইড্রোজেন ক্ষৰিত হৈ ক্লোৰিনৰ সৈতে মিলি হাইড্রোক্লোৰিক এচিড সৃষ্টি কৰে।

বেচৰকাৰী সংস্থাৰ হিচাবতো দেশত গেষ্ট্ৰিকৰ ঔষধ বিক্রি হয় সকলোতকৈ বেছি। যাৰ অধিকাংশই বিক্রি হয় কোনো ধৰণৰ প্ৰেছক্ৰিপচন অবিহনেই। বিশেষজ্ঞসকলে কয়, চিকিৎসকৰ পৰামর্শ অবিহনে ঔষধ সেৱনে মাতি আনে মাৰাত্মক ক্ষতি।

গেষ্ট্ৰিক হ’লে সাধাৰণতে নাভিৰ ওপৰত পেটত বিষ হ’ব। খালী পেটত কিম্বা পুৱতি নিশাৰ ফালে বিষ তীব্র হয়। ডিঙি-বুক-পেট জ্বলে। ঝাল-তেল-মচলাজাতীয় খাদ্যই অসুবিধা বেছি কৰে।

গেষ্ট্ৰিকৰ সমস্যাত ক্ষতিকৰ এবিধ ফল হৈছে লিচু। যিসকলৰ গেষ্ট্ৰিকৰ সমস্যা আছে তেওঁলোকে লিচু নোখোৱাই ভাল।বিশেষজ্ঞই কয়, খালী পেটত বা ভৰা পেটত অতিৰিক্ত লিচু খোৱা ক্ষতিকৰ। অতিৰিক্ত লিচু খালে হজমত আৰু গেষ্ট্ৰিকৰ সমস্যা দেখা দিয়ে। সেয়ে কোনো কাৰণতেই অতিৰিক্ত লিচু খোৱা উচিত নহয়।

৪ বছৰ পর্যন্ত শিশুক লিচু খুওৱা উচিত নহয়। ৪ বছৰ পিছত এটি লিচু খাব দিব পাৰে। আৰু ডাঙৰসকলেও একলগে ৫টাৰ অধিক লিচু নোখোৱাই ভাল।

আহক জানো গেষ্ট্ৰিকৰ পৰা বাচিবলৈ কি কৰিব?

১. প্রতিদিনে এক নির্দিষ্ট সময়ত দুপৰীয়া আৰু নিশাৰ আহাৰ খাব।

২. একবাৰে বেছি পৰিমাণে নাখাই অলপ অলপকৈ ঘনাই খাওক।

৩. ধূমপান ও মদ্যপান এৰাই চলক।

৪. শোৱাৰ কমপক্ষেও ২ ঘণ্টা আগত নিশাৰ আহাৰ খাব।

৫. চিকিৎসকৰ পৰামর্শ অবিহনে পেট বেয়া বা বমিৰ ঔষধ কিনি নাখাব।

৬. অতিৰুক্ত তেল আৰু মচলা দিয়া খাদ্য নাখাব। বাহিৰৰ খাদ্য নাখাই ঘৰত তৈয়াৰী খাদ্য খাওক। সতেজ খাদ্য খাওক, জমা কৰা বা ফ্রোজেন ফুড কম খাব।

৭. শৰীৰৰ অতিৰিক্ত ওজন কমাওক। নিয়মিত ব্যায়াম কৰক।

৮. মানসিক চাপ আৰু দুশ্চিন্তাই বহু সময়ত এইবোৰ সমস্যা বৃদ্ধি কৰে। সেয়ে মানসিক চাপ নল’ব।

৯. তৈলাক্ত খাদ্য বাদ দিবলৈ চেষ্টা কৰক। মাংস, কণী, বিৰিয়ানি, মোগলাই, চাইনিজ খাদ্য যিয়ে নাখায় কিয়, সেয়া দুপৰীয়াৰ মেন্যুত অন্তর্ভুক্ত কৰক। নিশাৰ আহাৰ যেন পাতল হয়। শাক-পাচলি, সৰু মাছ এইবোৰেৰে নিশাৰ মেন্যু সজাওক।

১০. খোৱাৰ পিছতেই বহুতে বহু বেছি পানী খায়। সেই প্রবণতা বাদ দিয়ক। ভাত খোৱাৰ অন্তত ৩০ মিনিট পিছত পানী খাওক।

১১. দিনত কিম্বা ৰাতি খোৱাৰ পিছতেই বহুতে শুবলৈ পচন্দ কৰে। এইটো নকৰি কিছু সময় লাহে লাহে খোজ কাঢ়িব পাৰে অথবা চিধা হৈ বহি থাকিব পাৰে। অন্তত ৩০ মিনিট পিছত শুবলৈ যাওক।

Exit mobile version