২৭ ফেব্রুৱাৰীৰ পৰা গুৱাহাটী চলচ্চিত্র উৎসৱ

1 min read

গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত অহা ২৭ ফেব্রুৱাৰীৰ পৰা ৩ মার্চলৈ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র উৎসৱ অনুষ্ঠিত হ’ব৷ গুৱাহাটীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত হ’ব লগা ১৩সংখ্যক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র উৎসৱত দেশ–বিদেশৰ কেইবাখনো চলচ্চিত্র প্রদর্শন কৰা হ’ব৷ গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত গুৱাহাটী চিনে ক্লাবৰ সভাপতি এ কে আবচাৰ হাজৰিকা, সম্পাদক মাধুৰীমা বৰুৱাই এই কথা সদৰী কৰে৷ এই চলচ্চিত্র উৎসৱত জার্মানী, টিউনিচিয়া, ক্রৱেচিয়া, গ্রীচ, মেক্সিকো, বাংলাদেশৰ লগতে ভাৰতীয় চলচ্চিত্র শিতানত মালয়ালম ভাষাৰ চলচ্চিত্র ‘ডার্কনেছ’, হিন্দী ভাষাৰ ‘ম’চ’ আৰু ‘৪–চাম’ প্রদর্শন কৰা হ’ব৷

 

ইয়াৰ উপৰি প্রদ্যুৎ ডেকাৰ পৰিচালিত ‘চিয়াঁহীৰ ৰং’ চলচ্চিত্রখনৰ প্রিমিয়াৰ শ্ব’ প্রদর্শন কৰা হ’ব৷ বিশিষ্ট চলচ্চিত্র পৰিচালক সত্যজিৎ ৰায়ৰ নামত উৎসর্গিত এই চলচ্চিত্র উৎসৱত ‘পথেৰ পাচালি’ ছবিখন প্রদর্শন কৰা হ’ব৷ মহোৎসৱত মেঘালয়ৰ ৱালফ্রাংগ দিংদোৰ ‘লোর্নি– দ্য ফ্লানুৰ’ চলচ্চিত্রখন প্রদর্শনেৰে উৎসৱৰ সামৰণি মৰা হ’ব৷ ইচ্ছুকসকলে ৯৪৩৫০–৪৩৯০১, ৯৮৬৪০–২১২১০ আৰু ৯৪৩৫৩–৪৩২৭৪ নম্বৰত যোগাযোগ কৰিব পাৰিব৷

You May Also Like

More From Author