Site icon Guwahati Times

অখিল গগৈক সাক্ষাৎ কৰিলে গৌৰৱ গগৈয়ে

জি এম চি এইচত অখিল গগৈক সাক্ষাৎ কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আহ্বান মৰ্মে কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ লয় সংসদ গৌৰৱ গগৈয়ে।

অখিল গগৈক সাক্ষাৎ কৰি গৌৰৱ গগৈয়ে কয় যে,”মোৰ পিতৃৰ পৰামৰ্শ মতেই অখিলক সাক্ষাৎ কৰিলো।ৰাজনৈতিক মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল।

অখিল গগৈৰ স্বাস্থ্য ভাল দেখিছোঁ।তেওঁৰ মুখত হাঁহি আছে।অখিল গগৈক আমি কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ চেষ্টা কৰি আছো।পৰিয়ালৰ লগতো কথা বতৰা পাতি আছো।”

উল্লেখযোগ্য যে,ৰাজনৈতিক ষড়যন্ত্ৰ কৰি একো যুক্তি নোহোৱাকৈ অখিল গগৈক জেলত সুমুৱাই থৈছে বুলি গৌৰৱ গগৈয়ে গুৰুতৰ অভিযোগ তোলে।

Exit mobile version