Site icon Guwahati Times

মোৰ ল’ৰা যেতিয়া ডাঙৰ হ’ব তেতিয়া গৌৰৱ গগৈৰ লগত কথা পাতিবঃ হিমন্ত বিশ্ব শৰ্মা

আজি ৰাজ্য চৰকাৰৰ জেষ্ঠ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু ইডিএফক তীব্ৰ সমালোচনা কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিয়ে কোনো ধৰণৰ ধৰ্মীয় বিভাজন নকৰে। লগতে মিছন ১০০ৰ ওপৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মিঞা মুচলমানে বিজেপিক ভোট নিদিয়ে, যিহেতু পঞ্চায়তত দিয়া নাই, ২০১৪ চনটো দিয়া নাই। গতিকে তেওঁলোকে আমাক ভোট নিদিয়ে, তেওঁলোকৰ নিজা এজেণ্ডা আছে। আমিটো শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম বনাব নিদিও, আমি মিঞা কবিতা লিখিব নিদিও। গতিকে তেওঁলোকে আমাক ভোট নিদিয়ে।
বিজেপিয়ে তাত প্ৰাৰ্থী দিব কিন্তু জিকিম বুলি নহয় যাতে হাৰিম বুলিয়েই কাৰণ অন্তত বিজেপিৰ মানুহখিনিয়ে ইডিএফ অথবা কংগ্ৰেছক ভোট নিদিয়ে।

আনহাতে গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে গৌৰৱ গগৈ সৰু ল’ৰা । মই নাভাবো গৌৰৱৰ লগত কিবা কথা পাতিব লাগে বুলি। যি পাতি লাগিব লাগে তেওঁৰ দেউতাকৰ লগত পাতিছিলো। তেওঁৰ ল’ৰাৰ লগত মই তৰ্ক বিতৰ্ক কৰাৰ প্ৰয়োজন নাই। তেওঁৰ দেউতাকৰ লগত মই মন্ত্ৰী সভাত আছিলো গতিকে তেওঁৰ লগত কথা নাপাতো মোৰ ল’ৰাই যেতিয়া ডাঙৰ হ’ব তেতিয়াহে কথা পাতিব। লগতে গৌৰৱ গগৈৰ উন্নতি কামনা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Exit mobile version