Site icon Guwahati Times

অৱশেষত আৰক্ষীৰ জালত পৰিল ঘগ্ৰাপাৰ থানাৰ কলংকিত আৰক্ষী বিষয়া বিমান ৰয়

আজি পানীখাইটি ৰেল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ হয় অভিযুক্ত বিমান ৰয়।

জানিব পৰা মতে, ৰে’ল আৰক্ষী বাহিনীৰ লোকে তেওঁক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে গৌহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

সাংবাদিকক সম্বোধন কৰি জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই কয় যে, খাদ্যৰ বিষক্ৰিয়াৰ বাবে অচেতন হৈ পৰিছিল বিমান ৰয়। বৰ্তমান তেওঁৰ পৰিয়ালৰ এজন সদস্য তেওঁৰ লগত আছে। তেওঁক বিমান ৰায় বুলি চিনাক্ত কৰা হৈছে ।

অভিযোগ অনুসৰি, ঘগ্ৰাপাৰ থানাৰ আৰক্ষী পৰিদৰ্শক বিমান ৰয়ে লক-আপৰ ভিতৰতে আন আৰক্ষী বিষয়াৰ সন্মুখত এগৰাকী কিশোৰীক উলংগ কৰি ফটো তুলিছিল।

ভুক্তভোগী কিশোৰীগৰাকীয়ে দাখিল কৰা এফআইআৰ অনুসৰি ২০২৩ চনৰ ২৬ জুনৰ নিশা সংঘটিত হয় এই ঘটনা।

Exit mobile version