এখন ব্যক্তিগত হোষ্টেলৰ কোঠাত উদ্ধাৰ হোৱা মৃতদেহক লৈ চাঞ্চল্য!
মঙলবাৰে মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পানীখাইতিৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি, পানীখাইতিৰ এখন ব্যক্তিগত হোষ্টেলত আছিল মৃত ছাত্ৰীগৰাকী। মৃত ছাত্ৰীগৰাকীৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে।
ধেমাজিৰ গোগামুখৰ পূববালি গাৱঁৰ বাসিন্দা মৃত ছাত্ৰীগৰাকী পানীখাইতিস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত ৰেডিঅলজি বিভাগৰ ষষ্ঠ ষান্মাসিকত অধ্যয়নৰত আছিল। জানিব পৰা মতে, ছাত্ৰীগৰাকী অন্য এজন বান্ধৱী লগত একেটা কোঠাতে আছিল।
উল্লেখযোগ্য যে, মঙলবাৰে বান্ধৱীগৰাকী বিশ্ববিদ্যালয়লৈ যোৱাৰ পিছত ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত লয় বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে। ঘটনাৰ পিছতে ঘটনাস্থলীত পানীখাইতি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

