Site icon Guwahati Times

বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০, ইতিমধ্যে বিক্ৰী হৈছে ২৫ হাজাৰ টিকট

বিশ্বকাপৰ অন্ত পৰাৰ পাছতেই ভাৰতৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হৈছে ৫ খন টি-২০ মেচৰ দ্বিপাক্ষীক শৃংখলা। এই শৃংখলাৰ তৃতীয়খন মেচ ২৮ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব।

এই মেচক কেন্দ্ৰ কৰি আজি অসম ক্ৰিকেট সন্থাই এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সচিৱ দেৱজিত শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ, সম্পাদক ত্ৰিদীপ কোঁৱৰ উপস্থিত থাকে।

সন্থাই সংবাদ মেলত জনোৱা অনুসৰি ইতিমধ্যে মেচখনৰ বাবে মুকলি কৰি দিয়া ২৫ হাজাৰ টিকট বিক্ৰী হৈছে আৰু ১০ হাজাৰ টিকটহে উপলব্ধ আছে। অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে জনোৱা অনুসৰি নেহেৰু ষ্টেডিয়ামতো মুকলি কৰা হৈছে টিকট কাউণ্টাৰ। ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে ৪ বজাত দৰ্শকৰ বাবে খুলি দিয়া হ’ব ষ্টেডিয়ামৰ গেট।

ইফালে দেৱজিত শইকীয়াই কয়, মেচখনত দৰ্শকৰ মনোৰঞ্জনৰ বাবে থাকিব ডিজে। ইয়াৰোপৰি লেজাৰ শ্ব’ আৰু আতচবাজীৰো ব্যৱস্থা কৰা হৈছে। মেচখনত উপস্থিত থাকিবলৈ বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নী, সচীৱ জয় শ্বাহকো নিমন্ত্ৰণ কৰা হৈছে। ইয়াৰোপৰি মেচখনত উপস্থিত থাকিব ৰাজস্থান ৰয়েলছৰো কৰ্তৃপক্ষ।

Exit mobile version