মহানগৰীত এজন চিকিৎসকৰ দেহত ক’ৰোনা

1 min read

৯ জুনঃ মহানগৰীত আন এজন চিকিৎসক আক্ৰান্ত হৈছে ক’ৰোনাত । গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত ডাঃ বুলেন ফুকন আক্ৰান্ত হৈছে ক’ৰোনাত । বৰ্তমান চিকিৎসকগৰাকীক মহানগৰীৰ MMCH ত ভৰ্তি কৰোৱা হৈছে । মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ অমৰাৱতী পথত বাস কৰে ফুকনে ।
উল্লেখ্য যে ডাঃ বুলেন ফুকনৰ দেহত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ক’ভিড পজিটিভ পোৱা গৈছিল । লগতে কেইদিনমানৰ পৰা সামান্য জ্বৰ হৈ আছিল তেখেতৰ ।
আনহাতে চিকিৎসকগৰাকীৰ পত্নীৰো জ্বৰ আৰু মূৰ বিষৰ সামান্য লক্ষণ দেখা গৈছে । আজি তেওঁ পত্নীৰো স্বাব টেষ্ট কৰাৰ সম্ভাৱনা আছে।

(নিয়মীয়া বাৰ্তা)

You May Also Like

More From Author