Site icon Guwahati Times

অঞ্জু দৰ্জীৰ হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত মনি খানক আটক

যোৱা ১২ নবেম্বৰত পোহৰলৈ আহিছিল মহানগৰীৰ ছয়মাইলস্থিত পূৰ্বাশা এপাৰ্টমেণ্টত উৱলি যোৱা অৱস্থাত অঞ্জু দৰ্জীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা। এই ঘটনাৰ সৈতে সাঙুৰ খাইছিল উক্ত এপাৰ্টমেন্টত অঞ্জু দৰ্জীৰ সৈতে বাস কৰা মনি খানৰ নাম। অঞ্জু দৰ্জীৰ মৃত্যুৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল মনি খান।

অৱশেষত দেওবাৰে দিছপুৰ আৰক্ষীয়ে আটক কৰে মনি খানক। জানিব পৰামতে, ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ চিচিটিভি ফুটেজ সংগ্রহ কৰিছিল আৰক্ষীয়ে। আৰু সেই ফুটেজৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে ক্ষিপ্রতাৰে আৰম্ভ কৰিছিল তদন্ত। তদন্তৰ পাছতেই গুৱাহাটীৰ পৰা মনি খানক আটক কৰিবলৈ সক্ষম হয় দ্শপুৰ আৰক্ষী। উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত দেওবাৰে মাজনিশা ১২ বজালৈ থানাত আলোচনা চক্ৰত মিলিত হয় আৰক্ষী আয়ুক্ত।

Exit mobile version