Site icon Guwahati Times

“এয়া এক পৰিকল্পিত হত্যাকাণ্ড”: ভাড়াঘৰৰ মালিক ৰমেশ ভৰালী আৰু বনকৰা মহিলা জুনু বৰাৰ বিৰুদ্ধে অনুষ্কা শইকীয়াৰ মাতৃৰ বিস্ফোৰক অভিযোগ

মহানগৰীৰ হেঙেৰাবাৰীৰ ভাড়াঘৰত দেওবাৰে ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে। অনুষ্কা শইকীয়াৰ ৰহস্যজনক মৃত্যৰে নাম সাঙোৰ খাইছে প্ৰেমিক ৰাহুলৰ। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক সোধোপাছা কৰি  আছে দিছপুৰ আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। অনুষ্কা শইকীয়াৰ মাতৃ আহি উপস্থিত হৈছে হেঙেৰাবাৰীত অনুষ্কা থকা ৰমেশ ভৰালীৰ ভাৰাঘৰত। কেমেৰাৰ সন্মুখত অনুষ্কা শইকীয়াৰ মাতৃৰ কান্দি কান্দি বিস্ফোৰক অভিযোগ- “এয়া এক পৰিকল্পিত হত্যাকাণ্ড। ভাড়াঘৰৰ স্বত্বাধিকাৰী ৰমেশ ভৰালী আৰু বনকৰা মহিলা জুনু বৰাই হত্যা কৰিছে মোৰ ছোৱালীক। মোৰ ছোৱালীয়ে কেতিয়াও চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে। মোৰ ছোৱালী বহুত প্ৰতিভাবান আৰু বহু সাহসী।

অনুষ্কাৰ মাতৃৰ অভিযোগ অনুসৰি, যোৱা ২০ নৱেম্বৰত কন্যাৰ জন্মদিনটোও ভালকৈ পালন কৰিব পৰা নাছিল। নিশা ঘৰৰ গৰাকীয়ে দুৱাৰত টোকৰ দিয়াৰো অভিযোগ তুলিছে মাতৃয়ে। মাতৃয়ে কোৱা মতে তেওঁ প্ৰায়ে বুজাইছিল- “পিতৃ তুল্য ব্যক্তি হিচাপে হয়তো খবৰ ল’বলৈ আহে ৷” আনহাতে, প্ৰেমিক ৰাহুল শইকীয়াৰ ওপৰত থকা সন্দেহ নস্যাৎ কৰিছে অনুষ্কাৰ মাতৃয়ে। মাতৃৰ মতে অনুষ্কা আৰু ৰাহুল, দুয়োৰে বিবাহ প্ৰায় ঠিক হৈ আছিল ৷ অনুষ্কাৰ মাতৃয়ে বিস্ফোৰক অভিযোগ তুলি বাৰম্বাৰ কয়, “ঘৰৰ গৰাকী আৰু বনকৰা মহিলাগৰাকীৰ ষড়যন্ত্ৰৰ বলি হ’ল মোৰ ছোৱালী।”

Exit mobile version