গুৱাহাটীৰ মাজমজিয়াত থকা ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন স্থানান্তৰৰ বিষয়ে চিন্তা চৰ্চা কৰিছে গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে।
মন্ত্ৰী সিংঘালে সাংবাদিকৰ আগত আজি এই মন্তব্য কৰিছে। পল্টনবজাৰৰ শ্ৰীশ্ৰী মহামায়া থানৰ হনুমান মন্দিৰ শুভাৰম্ভৰ লগতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংঘালে।
অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাতত তেওঁ গুৱাহাটীৰ যানজঁট হ্ৰাস কৰিবলৈ ফাঁচী বজাৰৰ হোলচেল মাৰ্কেট স্থানান্তৰৰ কথা উল্লেখ কৰে। মন্ত্ৰী অশোক সিংঘালে কয়, ”গুৱাহাটীৰ ফাঁচীবজাৰৰ হোলচেল মাৰ্কেট চাংসাৰী নতুবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ পৰিকল্পনাৰ ওপৰত সক্ৰিয়তাৰে আমি কাম কৰি আছোঁ। অহা দিনবোৰত এইবোৰ কাম কৰিব লাগিব। নহ’লে গুৱাহাটীক যান-বাহনৰ যান-জঁটৰ পৰা মুক্ত কৰিব নোৱাৰিম।”

