Site icon Guwahati Times

সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ ফলত ৰিজ’ৰ্টখনৰ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয়। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।
ৰিজ’ৰ্টখনৰ গৰাকী দিলীপ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বুধবাৰে এই ৰিজ’ৰ্টখনৰ চৌহদত থকা স্থায়ী পেণ্ডেলত এক বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল। বিবাহ অনুষ্ঠান সামৰি নিশা ১১ বজাত তেওঁ গুৱাহাটীলৈ আহিছিল।
এই পেণ্ডেলতেই আছিল বিভিন্ন সামগ্ৰী। পুৱা তেওঁ অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ৰিজ’ৰ্টখনলৈ যায়। সেই সময়লৈকে স্থানীয় লোকৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই আছিল।
এই অগ্নিকাণ্ডত গোটেই পেণ্ডেলটো জ্বলি শেষ হৈ গৈছে। এই পৰ্যন্ত ক্ষয়, ক্ষতিৰ কোনো হিচাপ কৰা নাই যদিও প্ৰায় ৬০ ৰ পৰা ৭০ লাখ টকাৰ যে সামগ্ৰী ভস্মীভূত হ’ল সেই কথা নিশ্চিত।
গৰাকীয়ে সন্দেহ কৰা অনুসৰি এই বিস্ফোৰণ চৰ্ট চাৰ্কিটৰ বাবেই হ’ল। অগ্নিকাণ্ডৰ ফলত পেণ্ডেলত থকা তিনিটাকৈ চিলিণ্ডাৰো বিস্ফোৰিত হয়। এতিয়ালৈকে ক্ষয়, ক্ষতিৰ হিচাপ কৰা হোৱা নাই।
Exit mobile version