Site icon Guwahati Times

বিপদত গুৱাহাটীৰ এজন চিকিৎসক: চাইবাৰ চক্রই লুটিলে ২কোটি টকা

শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি বিপদত পৰিছে গুৱাহাটীৰ এজন চিকিৎ‍সক। এটা চাইবাৰ চক্রই চিকিৎ‍সকজনৰ পৰা লুটিলে ২কোটি টকা। ফেচবুকত পোৱা লিংক ক্লিক কৰি চিকিৎ‍সকজনে হেৰুৱালে কোটি টকা।

ফেচবুকৰ লিংক মতেই টেলিগ্রাম এপৰ গ্রুপত সংযুক্ত হৈছিল ভুক্তভোগী চিকিৎ‍সকজন। এপটোৰ জৰিয়তে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ পৰামৰ্শ লৈছিল। উল্লেখযোগ্য যে চিকিৎ‍সকজন ৩মাহ ধৰি শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভৱান হৈছিল।

পিছে লাভৰ টকা নিজৰ বেংক একাউণ্টলৈ ট্রান্সফাৰ কৰোতেই সমস্যাৰ সৃষ্টি হল।ভুক্তভোগীৰ পৰা ধনৰ কৰ বিচাৰিছিল চাইবাৰ চক্রটোৱে। কৰৰ নামত চিকিৎ‍সকজনৰ পৰা চাইবাৰ চক্রটোৱে ২ কোটি টকা সংগ্রহ কৰে। চিকিৎ‍সকজনৰ পৰা সমুদায় ধন আত্মসাৎ‍ কৰি চক্রটোৱে যোগাযোগ বিচ্চিন্ন কৰে ।

পৰৱৰ্তীসময়ত চিকিৎ‍সকগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত চাইবাৰ থানাত গোচৰ দাখিল কৰিছে। উল্লেখযোগ্য যে ঘটনাৰ তদন্ত কৰি চাইবাৰ চেলে এই পৰ্যন্ত ৪২লাখ টকা উদ্ধাৰ কৰিছে। চাইবাৰ চেলে ঘটনাক লৈ অনুসন্ধান অব্যাহত ৰাখিছে।

Exit mobile version