বলীউডৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত প্ৰায় ৮ ঘণ্টাজুৰি ই ডিৰ জেৰা ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছিল ৷
অনলাইন গেমিং এপ মহাদেৱ বেটিং এপৰ কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল বলিউদৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ। ইয়াৰে অধিক সংখ্যক অভিনেতা অভিনেত্ৰীক মুম্বাইতে ইডিয়ে তদন্তৰ জেৰা কৰিছে যদিও লক্ষ্যণীয়ভাৱে বলিউদৰ মোহময়ী অভিনেত্ৰী তমন্নাক ই ডিয়ে গুৱাহাটীৰ কাৰ্যালয়লৈ তলব কৰিছিল।
কাৰ্যালয়ৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য নকৰিলে তামান্নাই। নিশাটো হোটেল ৰেডিছন ব্লুত কটাই কাইলৈ উভতি যাব মোহময়ী অভিনেত্ৰী গৰাকী। উল্লেখ্য যে এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলোৱাৰ অভিযোগত অভিযুক্ত অভিনেত্ৰীগৰাকী ৷ পূৰ্বেও কেইবাবাৰো মহাৰাষ্ট্ৰ ই ডিয়ে চমন দিছিল তামান্নাক ।

