Site icon Guwahati Times

মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু, প্রেমিকৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ…

দেওবাৰে ৰূপনগৰত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীগৰাকী মণিপুৰৰ যুৱতী বুলি জানিব পৰা গৈছে। মৃত যুৱতীগৰাকীৰ নাম ৰেবিকা থাওডাম।
চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। ৰূপনগৰত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী। কিন্তু এয়া এক হত্যাকাণ্ড বুলিহে দাবী কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰলোকে।
প্রেমিক ৰোহিত শইকীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ । ভঙাগড় আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰোহিত শইকীয়াক। প্রায় ডেৰ বছৰ ধৰি প্রেমৰ সম্পৰ্ক আছিল দুয়োৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ৰোহিত শইকীয়াৰ আত্মীয়ৰ ভাষ্য অনুসৰি তেওঁক যুৱতী গৰাকীয়ে গুৱাহাটীলৈ মাতি পঠিয়াইছিল ৰোহিতক । যাৰ বাবে লখিমপুৰৰ পৰা ৰোহিত আহিছিল গুৱাহাটীলৈ। এখন স্কুটি কিনা সন্দৰ্ভত মাতি পঠিয়াইছিল ৰোহিতক। পেচাত অধিবক্তা ৰোহিত।
জানিব পৰা মতে শনিবাৰৰ নিশা দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰপাছতে ৰোহিত ওলাই গৈছিল বাহিৰলৈ। কিন্তু ৰোহিত ঘূৰি অহাৰ পাছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ।

Exit mobile version