Site icon Guwahati Times

মহানগৰীৰ চিটী বাছত যুৱতীৰ মোবাইল ফোন চুৰি

গুৱাহাটীৰ চিটী বাছত সুৰক্ষিত নহয় যাত্রী। বিশেষকৈ যুৱতী আৰু মহিলাসকল চিটী বাছত মুঠেও সুৰক্ষিত নহয়। বুধবাৰে মহানগৰীৰ গণেশগুৰিত পৰিবহণ নিগমৰ বাছত উঠি হাতীগাঁৱলৈ যাত্ৰা কৰা এগৰাকী যুৱতীৰ বেগৰ পৰা দুৰ্বৃত্তই মোবাইল ফোন লুট কৰে। ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে চিটি বাছেৰে তেওঁ গৈ থকা সময়তে বাছৰ খিৰিকীৰে হাত ভৰাই যুৱতীগৰাকীৰ বেগৰ পৰা ম’বাইল ফোনটো লৈ উধাও হয়। ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version