Site icon Guwahati Times

মহানগৰীৰ কাহিলীপাৰাত চোৰৰ চাফাই অভিযান

মহানগৰীত স্মাৰ্ট আৰক্ষীক চেলেন্স দি অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ অব্যাহত ৰাখিছে অপৰাধমূলক কাৰ্যকলাপ ৷

এইবাৰ চোৰৰ হাতোৰা পৰিল মহানগৰীৰ কাহিলীপাৰাত। লোকবন্ধু নগৰৰ গিৰীশ চন্দ্ৰ নাথৰ ঘৰত চোৰ চলালে চাফাই অভিযান।

ঘৰৰ গৃহস্থ দুঘণ্টাৰ বাবে বাসগৃহত নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিলে নগদ প্ৰায় ৬০ হাজাৰ টকাৰ লগতে সোণৰ আ–অলংকাৰ। ।

উল্লেখ্য যে,চুৰিকাণ্ড সম্পন্ন কৰাৰ পাছতে চোৰে এৰি থৈ যায় চিপৰাং আৰু দা আদি।

ইতিমধ্যে ঘটনাস্থলীত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ চোৰে এৰি থৈ যোৱা সামগ্ৰীসমূহ জব্দ কৰি আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version