Site icon Guwahati Times

ৰাজপথত চেইন-মোবাইল থপিয়াই সন্ত্ৰাস সৃষ্টি কৰা চোৰৰূপী যুৱতী অৱশেষত গ্ৰেপ্তাৰ…

ৰাজপথত চেইন-মোবাইল থপিয়াই সন্ত্ৰাস সৃষ্টি কৰা চোৰৰূপী যুৱতীগৰাকী অৱশেষত আজি আৰক্ষীৰ জালত পৰে। পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকী ৰুঞ্জুমা বেগম। উল্লেখ্য যে কিছুদিন পূৰ্বে গান্ধীবস্তি পথত মোবাইল চুৰি কৰি পলায়ন কৰিছিল যুৱতীগৰাকীয়ে। ধৃত যুৱতীগৰাকীয়ে কিছুদিন পূৰ্বে ৰিহাবাৰীতো চেইন থপিয়াই নিছিল। মহানগৰ আৰক্ষীৰ নিদ্ৰাহৰণ কৰা যুৱতীগৰাকীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যুৱতীগৰাকীয়ে গান্ধী মণ্ডপ, উলুবাৰী, ৰিহাবাৰীৰ বহু চুৰিৰ ঘটনাৰ সৈতে জড়িত আছিল বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে। চিলনী চোৰৰূপী যুৱতীগৰাকীৰ লগত থকা যুৱকজন হ’ল অৰ্জুন শ্বাহ। আৰক্ষীয়ে দুই চোৰৰ পৰা চেইন গলাই কৰা সোণ উদ্ধাৰ কৰিছে।

Exit mobile version