Site icon Guwahati Times

অবৈধ প্ৰেমই কাল হ’ল এটা পৰিয়ালৰ, প্ৰেমিকৰ স্বামী আৰু দুই সন্তানক আক্ৰমণ অবৈধ প্ৰেমিকৰ

গুৱাহাটীৰ বৰাগাঁৱত লোমহৰ্ষক ঘটনা

গুৱাহাটী মহানগৰীৰ বৰাগাঁওত দেওবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ অবৈধ প্ৰেমে এটা পৰিয়াললৈ নমাই আনিলে অমানিশা ।

পৰকীয়া প্ৰেমিকে প্ৰেমিকাক ঘপিয়াই নৃশংসভাৱে হত্যা কৰিও ক্ষান্ত নাথাকি প্ৰেমিকাৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ কৰি নিজেই আত্মহত্যা হত্যা কৰে ৷
আত্মহননৰ পথ বাচি লোৱা অবৈধ প্ৰেমিকজনৰ নাম নিৰঞ্জন গোহাঁই আৰু প্ৰেমিকৰ আক্ৰমণত নিহত মহিলা গৰাকীৰ নাম ৰীতা দাস ৷

এই জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ বৰাগাঁও অঞ্চলত ৷ প্ৰাপ্ত খবৰ অনুসৰি পৰকীয়া প্ৰেমিক নিৰঞ্জনে বিবাহিতা প্ৰেমিকা ৰীতা দাসৰ পৰিয়ালক নি:শেষ কৰাৰ উদ্দেশ্যৰে দেওবাৰে নিশা ৰীতাৰ বাসগৃহত উপস্থিত হৈ প্ৰথমে পোহনীয়া কুকুৰটোক ৰ’ডৰে মৰিয়াই হত্যা কৰি তাৰ পাছতে প্ৰেমিকাৰ দুই সন্তানক ৰ’ডৰে উপযুপৰি প্ৰহাৰ কৰি ধৰাসায়ী কৰে ৷

ইয়াৰ পাছতে প্ৰেমিকাৰ স্বামী অৱণী দাসক উপৰ্যুপৰি লোহাৰৰ পাইপৰে আক্ৰমণ কৰাত ৰীতা দাসে স্বামীক বচাবলৈ আঁহোতেই এইবাৰ নিৰঞ্জনে ৰীতাক লোহাৰৰ পাইপ আৰু ডেগাৰেৰে নৃশংসভাৱে ঘপিয়াই হত্যা কৰে ৷ আনহাতে প্ৰেমিকাৰ পৰিয়ালক আক্ৰমণ কৰি একেই কোঠালীতে আত্মহত্যা কৰে প্ৰেমিক নিৰঞ্জনে ৷

উল্লেখ্য যে, তেৰবছৰ পূৰ্বে অৱনী দাসৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল ৰীতা দাস ৷ স্বামী- স্ত্ৰীৰ সুখৰ সংসাৰ চলি থকাৰ মাজতে তিনিবছৰৰ পৰা ৰীতাৰ পৰকীয়া প্ৰেম আৰম্ভ হয় নিৰঞ্জন গোঁহাই নামৰ যুৱকজনৰ স’তে ৷

আনকি তিনিমাহ পূৰ্বে ৰীতা আৰু নিৰঞ্জনে স্বামী আৰু দুই কণমানি সন্তানক অতি নিৰ্মমভাৱে মাৰধৰ কৰি হাত-ভৰি ভাঙি পলায়ন কৰিছিল ৷ অৱশ্যে কিছুদিনৰ পাছতে ৰীতাই অবৈধ প্ৰেমিকক এৰি পুনৰ স্বামীগৃহলৈ উভতি আহে ৷

সন্দেহ কৰা মতে,ইয়াতে ক্ষুব্ধ হৈ নিৰঞ্জনে যোৱা নিশা প্ৰেমিকা আৰু পৰিয়ালক নি:শেষ কৰাৰ উদ্দেশ্যৰে জঘন্য ঘটনা সংঘটিত কৰি নিজেই আত্মহননৰ পথ বাচি লয় ৷

নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুত্বভাৱে আহত অৱনী দাস আৰু দুই কণমানি সন্তানক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইয়াৰে এটি কণমানিৰ অৱস্থা অতি সংকটজনক ৷

আনহাতে আৰক্ষীয় মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে নিৰঞ্জন গোঁহাই বিবাহিতা ৷ তেওঁৰ পত্নী থাকে শিলচৰত ৷ বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ কৰাৰ নজিৰ আছে নিৰঞ্জনৰ ৷ নিজৰ পিতৃকো দাৰে ঘপিয়াই মুমুষ অৱস্থাত এৰি পলায়ন কৰিছিল ৷ বৰাগাঁৱত নিশা সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

Exit mobile version