Site icon Guwahati Times

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক জোকাই লকআপৰ আলহী এজন চিকিৎসক

ছাত্ৰীক জোকাই লকআপৰ আলহী হ’ল এজন চিকিৎসক। নিজকে চিকিৎসক বুলি পৰিচয় দি ৰাজপথত অশালীন ইংগিত দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক ।

ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। পাছত বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই যুৱকজনক কৰায়ত্ত কৰি গতাই দিয়ে জালুকবাৰী আৰক্ষীক ৷ নিজকে চিকিৎসক বুলি পৰিচয় দিয়া ধৃত যুৱকজনৰ নাম ছাইখুল আলম। ঘৰ বৰপেটা জিলাৰ চেঙাত ৷

প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে সন্ধিয়া সময়ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ গৰাকী গ্লালছ হোষ্টেলৰ পৰা ওলাই আহি বিশ্ববিদ্যালয়ৰ বজাৰলৈ। এনে সময়তে ধৃত ছাইফুলে ছাত্ৰী গৰাকীক উদ্দেশ্য কৰি নানান অশালীন মন্তব্য দিয়ে ৷ যুৱকজনৰ এই মন্তব্যক লৈ ছাত্ৰ গৰাকীয়ে উত্তেজিত হৈ তৰ্জনগৰ্জন কৰিবলৈ ধৰে ৷

লগে লগে একাংশ ছাত্ৰ আৰু নিৰাপত্তাৰক্ষীয়ে আটক কৰে ৷ পৰৱৰ্তী সময়ত জালুকবাৰী আৰক্ষীক চমজাই দিয়াৰ সময়ত যুৱকজনে নিজকে এজন চিকিৎসক বুলি পৰিচয় দি বৰ্তমান তেওঁ চেঙাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৰূপে কমৰত হৈ আছে ৷

ইতিমধ্যে ছাত্ৰী গৰাকীয়ে জালুকবাৰী থানাত দাখিল কৰে এজাহাৰ। আটকাধীন যুৱকজনে ছাত্ৰীক জোকোৱা বুলি উদ্থাপিত অভিযোগ একেমুখে নাকচ কৰে। অৱশ্যে আৰক্ষীৰ তদন্ততহে উন্মোচিত হ’ব সকলো তথ্য।

Exit mobile version