Site icon Guwahati Times

গাড়ীগাঁৱৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত স্বামী, শহুৰক গ্ৰেপ্তাৰ…

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হোৱা বোৱাৰীৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটক কৰা লোক দুজন হৈছে ৰহস্যজনক মৃত্যুক সাৱটি লোৱা চেলিমা বেগমৰ স্বামী ছাইদুৰ ৰহমান আৰু শহুৰেক ছিদ্দিক আলীক।

আনহাতে ঘটনা সন্দৰ্ভত চেলিমাৰ শাহুগৰাকীকো সোধা-পোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে, চেলিমা বেগমৰ মৃত্যুৰ পাছতে এয়া হত্যাকাণ্ড বুলি অভিযোগ কৰিছি তেওঁৰ পৰিয়ালে।

এই সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চেলিমাৰ স্বামী আৰু শহুৰেকক।

Exit mobile version