Site icon Guwahati Times

দুই বনকৰা শিশুক নিৰ্যাতন, গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ চিকিৎসক

BERLIN, GERMANY - MAY 15: Police arrest a protester during a march on Al Nakba Day to demonstrate for the rights of Palestinians on May 15, 2021 in Berlin, Germany. This year's protests are taking place in the context of ongoing, severe violence between Palestinian militias and Israeli security forces in Israel. Al Nakba Day commemorates the expulsion of hundreds of thousands of Palestinians from Palestine between 1947 and 1949 in the course of conflicts between the nascent state of Israel and neighboring Arab countries. (Photo by Adam Berry/Getty Images)

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ দুই চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল আন এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা৷ এইবাৰ দুগৰাকী বন কৰা শিশুক দলবদ্ধ ধৰ্ষণৰ ঘটনা এটা পোহৰলৈ আহিছে৷ এই সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ অৱশ্যে এতিয়াও দুই মূল অভিযুক্ত পলাতক হৈ আছে৷ ধৃত অভিযুক্ত দুজন হৈছে মহানগৰীৰ পথাৰকোৱাৰীৰ ডাঃ ৰাজা দাস(৩৮) আৰু নাৰেংগীৰ ফৰেষ্ট গেটৰ ধীৰেন মজুমদাৰ (৫২)৷ প্ৰাপ্ত অভিযোগ মতে, গুৱাহাটী মহানগৰীৰ পাথৰকোৱাৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা ৰাজা দাসৰ ঘৰত অৰুণাচলৰ ৯ বছৰীয়া আৰু ১৫ বছৰীয়া দুটি শিশুৱে বন কৰা শ্ৰমিক হিচাপে কাম কৰি আছিল৷ চিকিৎসক ডাঃ ৰাজা দাসৰ পৰিয়ালে সাধাৰণ কথাত বন কৰা শিশু দুটিক দীৰ্ঘদিন ধৰি অকথ্য নিৰ্যাতন চলাই আহিছিল৷ চিকিৎসক পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি বন কৰা শিশু দুটিয়ে যোৱা শনিবাৰে ঘৰৰ পৰা পলাই আহে৷ পলাই থকা অৱস্থাত দুই কন্যা শিশুক মঠঘৰীয়া উৰণীয়া সেতুৰ তলত দুই আইছক্ৰীম ব্যৱসায়ীয়ে দলবদ্ধ ধৰ্ষণ কৰে৷ ইয়াৰ পৰা ওলাই গৈ দুই শিশুৱে নাৰেংগীৰ ফৰেষ্টগেটৰ এখন চাহ দোকানত আশ্ৰয় লয়৷ অসহায় অৱস্থাৰ সুযোগ লৈ চাহৰ দোকানী ধীৰেন মজুমদাৰে শিশু দুটিৰ গুপ্তাংগত হাত দিয়ে৷ কৌশলেৰে কিশোৰী দুগৰাকীয়ে পলাই নাৰেংগীৰ বাবু বস্তিত আশ্ৰয় গ্ৰহণ কৰে৷ ইপিনে, ঘৰৰ গৰাকী ডঃ ৰাজা দাসে শিশু দুটি সন্ধানহীন হোৱা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে নাৰেংগীত অভিযান চলাই সন্ধনহীন দুই শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ শিশু দুটি উদ্ধাৰৰ পিছতে নুনমাটি আৰক্ষীয়ে শিশু দুটিক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে৷ এই সংক্ৰান্তত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত ধীৰেন মজুমদাৰক নাৰেংগীৰ পৰা গ্ৰেপ্তাৰ কৰে৷ ইপিনে পলাতক মূল অভিযুক্ত দুই আইচক্ৰীম বেপাৰীক আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ আনহাতে বন কৰা কিশোৰ দুটিক নিৰ্যাতন চলোৱাৰ অভিযোগত আজি চিকিৎসক ৰাজা দাসক আৰক্ষীয়ে পাথৰকোৱাৰীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি দুয়োকে আৰক্ষীয়ে থানাৰ লকাপত মাৰাথান জেৰা অব্যাহত ৰাখিছে৷ ইপিনে, পলাতক হৈ থকা দুই অভিযুক্তক বিছাৰি আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে৷

Exit mobile version