Site icon Guwahati Times

মহানগৰীত আৰক্ষীৰ জালত দুই গভাইত চিলনী চোৰ

মহানগৰীত আৰক্ষীৰ জালত পৰিল দুই গভাইত চিলনী চোৰ। কেইদিনমান পূৰ্বে মহানগৰীৰ ৰাজগড়ত মাৰণাস্ত্র দেখুৱাই অধিবক্তা মমিতা বৰাৰ পৰা চেইন কাঢ়ি নিছিল দুই চিলনী চোৰে।

অৱশেষত মঙলবাৰে চানমাৰি আৰক্ষীৰ জালত পৰে উল্লিখিত সোণৰ চেইন থপিয়াই নিয়া দুই গভাইত চোৰ ।

উল্লেখ্য যে,অধিবক্তা গৰাকীক মাৰাণাস্ত্ৰ দেখুৱাই সোণৰ চেইন কাঢ়ি নিয়াৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত ৷ এই দৃশ্যৰ আঁত ধৰিয়ে মঙলবাৰে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কৰায়ত্ত কৰিবলৈ সক্ষম হয় চেইন চুৰিৰ অভিযুক্ত দুজনক ৷

আনহাতে আৰক্ষীয়ে চিলনী চোৰ দুটাই ঘটনাৰ দিনা ব্যৱহাৰ কৰা এএছ০১-বিকিউ৮৩৪৫ নম্বৰৰ পালচাৰ বাইক খনো জব্দ কৰিছে ৷ ইতিমধ্যে থানাত উপস্থিত হৈ অধিবক্তা মামণি বৰাই চিনাক্ত কৰে আটকাধীন চোৰ দুটাক ৷

Exit mobile version