Site icon Guwahati Times

মহানগৰীত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক…

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক

 

মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ পুনৰ সংঘটিত হ’ল আৰু এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে শোৱাপাটীতে ডিঙি চেপি হত্যা কৰিলে পত্নীক ৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে পাষাণ স্বামী ৷

প্ৰাপ্ত খবৰ অনুসৰি,বেহাৰবাৰীৰ সোণকুছিত ভাড়াতীয়া হিচাপে থকা গোৱালপাৰাৰ জেল হক নামৰ দিন হাজিৰা কৰা লোকজনে বৃহস্পতিবাৰে নিশা পত্নী হামেদা বেগমৰ স’তে কিবা বিষয়ক লৈ কাজিয়া সৃষ্টি হয় ৷ ইয়াৰ মাজতে খংত হিতাহিতজ্ঞানশূন্য হৈ জেল হকে পত্নীক ডিঙি চেপি হত্যা কৰি নিশাই পলায়ন কৰে ৷

দুটা সন্তানৰ মাতৃ গৰাকীক হত্যা কৰাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সোণকুছিত ৷ আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চিএইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰে তদন্ত ৷

স্থানীয় লোকে উল্লেখ কৰা মতে,নিশা হ’লেই দুই পতি-পত্নীৰ মাজত কাজিয়াপেচাল লগাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি পত্নীহন্তা জেল হকে নিজৰ গৃহ জিলাগোৱালপাৰাৰ লক্ষীপুৰ থানাত আত্মসমৰ্পণ কৰিছে ৷ ইতিমধ্যে জেল হকক মহানগৰ আৰক্ষীক চমজাই দিবৰ বাবে লক্ষীপুৰ থানাৰ আৰক্ষী দল এটা গুৱাহাটী অভিমুখে ৰাওনা হৈছে ৷

 

Exit mobile version